গ্লবেল চাউথ অবিহনে পৃথিৱী নেটৱৰ্ক নথকা মোবাইলৰ দৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কয় যে ব্ৰিকছ অৰ্থনৈতিক সহযোগিতা আৰু বিশ্ব মংগলৰ বাবে এক শক্তিশালী বাহন হৈয়েই আছে । এই সন্মিলনৰ বাবে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত গোটটোৰ সদস্য দেশসমূহৰ কেইবাগৰাকীও শীৰ্ষ নেতা সমবেত হয় । চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এইবাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা নাই । বৰ্তমান প্ৰভাৱশালী গোটটোৰ অধ্যক্ষ ব্ৰাজিলে এই সন্মিলনৰ আয়োজন কৰিছে ।
ৰাষ্ট্ৰপতি লুলাক প্ৰশংসা-
শান্তি আৰু নিৰাপত্তা, বিশ্ব শাসন সংস্কাৰ বিষয়ত ব্ৰিকছৰ সদস্যসকলৰ অধিৱেশনত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ ব্ৰিকছক অৰ্থনৈতিক সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় মংগলৰ বাবে এক শক্তিশালী মাধ্যম বুলি অভিহিত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ চমৎকাৰ আয়োজনৰ বাবে ৰাষ্ট্ৰপতি লুলাৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো । ব্ৰাজিলৰ অধ্যক্ষতাত ব্ৰিকছত আমাৰ সহযোগিতাই নতুন গতি লাভ কৰিছে ! ৰাষ্ট্ৰপতি লুলাৰ দৃষ্টিভংগী আৰু অটল প্ৰতিশ্ৰুতিৰ মই শলাগ লৈছো ।’
ইণ্ডোনেছিয়াক স্বাগতম-
এইবাৰ ইণ্ডোনেছিয়াইও সংগঠনটোত স্থান লাভ কৰিছে আৰু পৰিয়ালটোৰ সদস্য হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জনাইছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইণ্ডোনেছিয়াই ব্ৰিকছ পৰিয়ালত যোগদান কৰাৰ বাবে ৰাষ্ট্ৰপতি প্ৰব’ৱ’ক আন্তৰিকতাৰে অভিনন্দন জনাইছো আৰু তেওঁৰ সফলতা কামনা কৰিছো ।’
গ্লবেল চাউথৰ প্ৰত্যাহ্বান-
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘গ্লবেল চাউথত প্ৰায়ে দ্বৈত মানদণ্ডৰ সন্মুখীন হয়, সেয়া উন্নয়ন, সম্পদ বিতৰণ বা নিৰাপত্তাৰ ক্ষেত্ৰতেই হওক । আমি বিশ্ব শাসনত তেওঁলোকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিব ।’
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘বিংশ শতিকাত প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহত মানৱতাৰ দুই তৃতীয়াংশৰ বাবে পৰ্যাপ্ত প্ৰতিনিধিত্বৰ অভাৱ । বিশ্ব অৰ্থনীতিত যথেষ্ট অৰিহণা যোগোৱা দেশসমূহ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা নহয় । ইয়াৰ ফলত বিশ্বাসযোগ্যতা আৰু ফলপ্ৰসূতাত প্ৰভাৱ পৰে ।’
প্ৰধানমন্ত্ৰী মোদীৰ মতে বিশ্বক বহুমেৰু আৰু সৰ্বাংগীন ব্যৱস্থাৰ প্ৰয়োজন, যাৰ আৰম্ভণি হ’ব লাগে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ ব্যাপক সংস্কাৰৰ পৰা । এই সংস্কাৰসমূহে এক সুনিৰ্দিষ্ট প্ৰভাৱ পেলাব লাগে, য’ত বিশ্ব দক্ষিণৰ প্ৰত্যাহ্বানসমূহক অগ্ৰাধিকাৰ দিয়া উচিত ।
লগতে পঢ়ক : ৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিললৈ ৰাজকীয় ভ্ৰমণ, সন্ত্ৰাসবাদ বিৰোধী চুক্তিৰ আশা