ত্ৰিৰংগা উৰুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ ভ্ৰমণৰ বাবে উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি বিশ্বৰ সৰ্বোচ্চ ৰেল দলং চেনাব উদ্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
তেওঁ চেনাব দলংখন পৰিদৰ্শন কৰি নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতেও মত বিনিময় কৰে।ইয়াৰ পিছত একেটা ট্ৰেকতে নিৰ্মাণ কৰা অঞ্জি দলংখনো উদ্বোধন কৰে।
কেবল ষ্টেড প্ৰযুক্তিৰে নিৰ্মিত এইখন দেশৰ প্ৰথমখন ৰেল দলং।এই ঐতিহাসিক দলঙখনে কাশ্মীৰ উপত্যকাক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰাই নহয় অঞ্চলটোৰ বাণিজ্য, পৰ্যটন আৰু উদ্যোগিক বিকাশৰ ক্ষেত্ৰতো এক নতুন গতি প্ৰদান কৰিব।কাটৰা আৰু শ্ৰীনগৰ সংযোগী বন্দে ভাৰত এক্সপ্ৰেছতো ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীয়ে।
চেনাব ৰে’ল দলং উদ্ধোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে , “চেনাব দলং বিশ্বৰ সৰ্বোচ্চ ৰেলৱে তোৰণ দলং।এই দলংখন আইফেল টাৱাৰতকৈও ওখ”।
“এতিয়া মানুহে কেৱল চেনাব দলঙেৰে কাশ্মীৰ চাবলৈ যোৱাই নহয়, এই দলংখনো নিজৰ মাজতে এখন আকৰ্ষণীয় পৰ্যটন স্থলীত পৰিণত হ’ব”।
প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে সহায়ৰ ঘোষণা কৰে। তেওঁ কয়, “গোলাবৰ্ষণৰ ফলত যিসকলৰ ঘৰসমূহ যথেষ্ট ক্ষতি হৈছে তেওঁলোকে ২ লাখ টকা পাব।যিবোৰ ঘৰৰ আংশিক ক্ষতি হৈছে সেইবোৰে ১ লাখ টকা পাব”।
প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক তীব্ৰ সমালোচনা কৰি কয়, ‘পাকিস্তানে পহলগামত মানৱতা আৰু কাশ্মীৰীয়ক প্ৰতাৰণা কৰিছে, দুয়োকে আক্ৰমণ কৰিলে’।
তেওঁলোকৰ উদ্দেশ্য আছিল ভাৰতত সংঘাত সৃষ্টি কৰা, কাশ্মীৰৰ কঠোৰ পৰিশ্ৰমী জনসাধাৰণৰ উপাৰ্জন বন্ধ কৰা,সেইবাবেই পাকিস্তানে পৰ্যটকক আক্ৰমণ কৰে।পাকিস্তানৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে থিয় দিছে জম্মু-কাশ্মীৰৰ জনসাধাৰণে’।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘পাকিস্তানৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ জনসাধাৰণে শক্তি প্ৰদৰ্শন কৰিছে।সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী মানসিকতাক প্ৰত্যোত্তৰ দিছে জম্মু-কাশ্মীৰৰ ৰাইজে’।
‘উপত্যকাৰ বিদ্যালয়সমূহো জ্বলাই দিছে সন্ত্ৰাসবাদীয়ে। আমাৰ চুবুৰীয়া দেশখন মানৱতা আৰু সম্প্ৰীতিৰ বিৰোধী।সেইখন এনেকোৱা এখন দেশ যিয়ে দুখীয়াৰ জীৱিকাৰ বিৰোধিতা কৰে’।
লগতে পঢ়ক: আধৰুৱা হৈ ৰ’ল জাপানৰ চন্দ্ৰ মিছন; লেণ্ডিঙৰ সময়ত ধ্বংস হ’ল মুন লেণ্ডাৰ