জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কেন্দ্ৰীয় চৰকাৰক ধাৰাবাহিকভাৱে একচন মোডত দেখা গৈছে । পাকিস্তানৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ভৱিষ্যতৰ ৰণনীতিৰ বাবে উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰা হয় । এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান উপস্থিত থাকে ।
সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে. ত্ৰিপাঠীও উপস্থিত থাকে এই বৈঠকত । এই গুৰুত্বপূৰ্ণ বৈঠকত পহলগাম আক্ৰমণৰ পিছত নিৰাপত্তা পৰিস্থিতি, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি থকা অভিযান আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ।
তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত আক্ৰমণৰ পৰিস্থিতি, নিৰাপত্তা বাহিনীৰ কাৰ্য্য আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় । লগতে পহলগাম আক্ৰমণৰ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছে । ইফালে অমৰনাথ যাত্ৰা আৰু অন্যান্য অসামৰিক কাৰ্যকলাপৰ নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে তাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে ।
২২ এপ্ৰিলত পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ-
উল্লেখ্য যে ২২ এপ্ৰিলত পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল । ইয়াৰ উপৰিও এই বৰ্বৰ আক্ৰমণত কেইবাজনো লোক আহত হৈছে । শেহতীয়া বছৰবোৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম বুলি বিবেচিত হৈছে এই কাণ্ড । এই আক্ৰমণৰ পিছত উপত্যকাটোত নিৰাপত্তা সংস্থাসমূহক হাই এলাৰ্টত ৰখা হৈছে । এই আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত আছে । ইয়াৰ বাবে নিৰাপত্তা বাহিনীয়ে বিভিন্ন স্থানত অভিযান চলাই আছে । এই আক্ৰমণৰ আঁৰত আছে পাকিস্তান । ইয়াৰ পিছতে ভাৰত চৰকাৰে পাকিস্তানৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লয় ।