SCO শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ শেষত চীন ভ্ৰমণ কৰিব পাৰে।তথ্য অনুসৰি চীনত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থা(SCO) ৰ সন্মিলনত অংশগ্ৰহণ কৰিব পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
গালৱানত সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনাৰ পিছত এতিয়া লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে।
এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীৰ এই চীন ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ প্ৰক্ৰিয়াত এক ডাঙৰ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব পাৰে।
সামৰিক স্তব্ধতাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক তিতা হৈ পৰাৰ পাছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণৰ প্ৰথমটো।
উল্লেখ্য যে, ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ছাংহাই সহযোগিতা সংস্থা(SCO)ৰ ২৫ সংখ্যক ৰাষ্ট্ৰপতিৰ বৈঠক অনুষ্ঠিত হ’ব।
এই বৈঠক ভাৰতৰ চুবুৰীয়া দেশ চীনৰ তিয়ানজিন চহৰত আয়োজন কৰিবলৈ গৈ আছে।এতিয়া তথ্য পোহৰলৈ আহিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়েও এই বৈঠকত অংশগ্ৰহণ কৰিব পাৰে।
২০০১ চনত চীনৰ ছাংহাইত স্থাপন কৰা হৈছিল ছাংহাই সহযোগিতা সংস্থা। ই বিশ্বৰ এক প্ৰভাৱশালী অৰ্থনৈতিক আৰু সুৰক্ষা গোট।
এই গোটৰ ভিতৰত আছে ভাৰত, চীন, ৰাছিয়া, পাকিস্তান, ইৰাণ, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তান।
আঞ্চলিক নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্কক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এছ চি অ’ স্থাপন কৰা হৈছিল।
ইয়াৰ উপৰিও এই সংগঠনটোৱে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে যৌথভাৱে যুঁজ দিয়াতো গুৰুত্ব আৰোপ কৰে।বিনিয়োগ আৰু পৰিবহণৰ ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰ কৰাও এছ চি অ’ৰ অন্যতম প্ৰধান লক্ষ্য।
যোৱা বছৰৰ অক্টোবৰ মাহত কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত সাক্ষাৎ হৈছিল।
এই বৈঠকৰ অন্তত ভাৰত আৰু চীনে সীমান্তৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে সকলোৰে দৃষ্টি প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ওপৰত আছে।
যদিহে প্ৰধানমন্ত্ৰী মোদীয়ে এছচিঅ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে তেন্তে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে বৈঠকৰ সম্ভাৱনা আছে।
লগতে পঢ়ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন ভাবুকি… ২৪ ঘন্টাত পুনৰ শুল্ক বৃদ্ধি কৰাৰ ঘোষণা