টিভিৰ বিখ্যাত ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়ান আইডল ১২’ৰ বিজয়ী পৱনদীপ ৰাজনৰ এটা নতুন ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে । ৫ মে’ৰ গভীৰ নিশা এক বৃহৎ দুৰ্ঘটনাৰ বলি হোৱাৰ পিছত এতিয়া সুস্থিৰ হৈছে পৱনদীপ । এনে পৰিস্থিতিত তেওঁ এটা নতুন ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অনুৰাগীক নিজৰ অৱস্থাৰ কথা জনাইছে । এই ভিডিঅ’টোত পৱনদীপক পুনৰবাৰ তেওঁৰ সুৰীয়া কণ্ঠত গান গোৱা দেখা গৈছে ।
উন্নত হৈছে স্বাস্থ্য-
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত পৱনদীপ ৰাজনক হাস্পতালৰ কাপোৰ পিন্ধি বিচনাত বহি থকা দেখা গৈছে । তেওঁৰ লগত এগৰাকী পুৰুষ নাৰ্ছ থিয় হৈ আছে । পৱনদীপৰ হাতত এটা মুভমেণ্ট মেচিন আছে আৰু তেওঁক চাদৰেৰে ঢাকি থোৱা আছে । এই ভিডিঅ’টোত পৰ্দালৈ চাই পৱনদ্বীপে গাইছে প্ৰয়াত নাইটিংগেল লতা মংগেশকাৰৰ বিখ্যাত গীত ‘মেৰা ছায়া সাথ হোগা’ । কণ্ঠশিল্পীগৰাকীয়ে আকৌ এবাৰ গান গোৱা দেখি অনুৰাগীৰ মাজত বিয়পি পৰিছে সুখৰ জোৱাৰ ।
ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত পৱনদীপ ৰাজনে কেপচনত হাৰ্ট ইমোজি শ্বেয়াৰ কৰে । তেওঁৰ অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি কমেন্ট কৰে । এজন অনুৰাগীয়ে মন্তব্য কৰিছে, ‘চিকিৎসালয়ৰ কৰ্মচাৰীসকল ভাগ্যৱান । তেওঁলোকে আপোনাৰ সংগীত শুনিবলৈ সুযোগ পালে ।‘ আন এজনে লিখিছে, ‘ৰকষ্টাৰ, তুমি মোক কান্দিবলৈ বাধ্য কৰালা… আৰু লিখিবলৈ মোৰ কোনো ভাষা নাই ।’