বিৰোধীৰ সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত চলি থকা দুদিনীয়া আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াক ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে মই এই সদনত ভাৰতৰ পক্ষ দাঙি ধৰিবলৈ থিয় দিছো । ভাৰতৰ পক্ষ চাব নোৱাৰা সকলক আইনা দেখুৱাবলৈ থিয় দিছো ।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে এই অধিবেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত এই অধিবেশন ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন বুলি উল্লেখ কৰিছিলোঁ । এয়া ভাৰতক মহিমামণ্ডিত কৰাৰ এক অধিবেশন । মই ক’ব বিচাৰিছো যে এই বিজয়োৎসৱত শত্ৰুক মাটিত মূৰ তল কৰোৱাৰ কথা । এই বিজয়োৎসৱত সেন্দুৰৰ শপত পূৰণৰ কথা । এই বিজয়োৎসৱ সেনাৰ বীৰ আৰু শক্তিৰ প্ৰতীক । ই ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিৰ প্ৰতীক ।
তেওঁ আৰু কয় যে মই কৈছিলোঁ যে এই অধিবেশন ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন । সংসদৰ এই অধিবেশন ভাৰতক মহিমামণ্ডিত কৰাৰ অধিৱেশন । বিজয় উদযাপনৰ কথা কওঁতে ক’ব বিচাৰিছো যে এইটো সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় মাটিত মিলাই দিয়াৰ বিজয় উদযাপন । এই বিজয় উদযাপন হৈছে সেন্দুৰৰ শপত পূৰণৰ । এই বিজয় উদযাপন ১৪০ কোটি ভাৰতীয়ৰ ঐক্য আৰু বিজয়ৰ কথা । এই বিজয়ৰ অনুভূতি লৈ মই এই সদনত ভাৰতৰ পক্ষ দাঙি ধৰিবলৈ থিয় দিছো । ভাৰতৰ পক্ষ চাব নোৱাৰা সকলক আইনা দেখুৱাবলৈ থিয় দিছো ।
দৰাচলতে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত অপাৰেচন সিন্দুৰৰ আলোচনাক বিজয়োৎসৱৰ সৈতে সংযোগ কৰি বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিয়ে, য’ত তেওঁলোকে পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ ক্ষেত্ৰত মোদী চৰকাৰক সমালোচনা কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই এই সদনত ভাৰতৰ পক্ষ দাখিল কৰিবলৈ থিয় দিছো । এইদৰে তেওঁ পুনৰবাৰ স্পষ্ট কৰি দিয়ে যে তেওঁ ভাৰতৰ প্ৰতিনিধি আৰু সেই ক্ষমতাত তেওঁ এই অভিযানৰ দায়িত্ব আৰু জবাবদিহিতা গ্ৰহণ কৰিছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে এই বাক্যৰ জৰিয়তে বিৰোধী দলসমূহক আইনা দেখুৱাই । অপাৰেচন সিন্দুৰত ত্ৰুটি বিচাৰি চৰকাৰক শলঠেকত পেলাবলৈ অহৰহ চেষ্টা চলাই আহিছে বিৰোধীয়ে । সংসদত বিশেষ আলোচনাৰ সময়ত বিৰোধী দলৰ অধিকাংশ সাংসদে এই কথা প্ৰতকিপন্ন কৰিবলৈ মনোনিৱেশ কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এটা বাক্যৰে সেই সকলো সমালোচনাৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰে । ভাৰতৰ পক্ষ চাব নোৱাৰাসকলক দাপোন দেখুৱাবলৈ লোকসভাত ভাষণ দিছে বুলিও তেওঁ কয় । সেনাবাহিনী আৰু ইয়াৰ সৈতে জড়িত ভাৰতৰ পক্ষৰ সফলতা তেওঁ দেশৰ সন্মুখত উপস্থাপন কৰিছে বুলি কয় তেওঁ ।
প্ৰধানমন্ত্ৰী মোদীয়ে সেনাবাহিনীক মুক্ত হাত দিয়াৰ কথা কওঁতে কয় যে সন্ত্ৰাসবাদীক এনেদৰে শাস্তি দিয়াত আমি গৌৰৱান্বিত যে আজিও সন্ত্ৰাসবাদীৰ ৰক্ষকৰ টোপনি নাহে । তেওঁ কয় যে ভাৰত-পাকিস্তানে বহুবাৰ যুদ্ধ কৰিছে, কিন্তু প্ৰথমবাৰৰ বাবে ভাৰতে পাকিস্তানৰ সেই ঠাইবোৰত উপনীত হোৱাৰ কৌশল ৰচনা কৰিলে, য’ত আগতে কেতিয়াও নাছিল । আমাৰ সৈন্যই পাকিস্তানৰ চুক-কোণত থকা সন্ত্ৰাসবাদী ঘাটি আক্ৰমণ কৰাই নহয়, ধ্বংসও কৰে । অপাৰেচন সিন্দুৰে প্ৰমাণ কৰিলে যে ভাৰতে নিজৰ চৰ্তত নিজৰ ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ।
লগতে পঢ়ক : কংগ্ৰেছক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ; ক’লে- প্ৰশ্ন কৰাৰ অধিকাৰ নাই, নেহৰু-ইন্দিৰা গান্ধীৰ কথাও উল্লেখ