মাতৃ হ’বলৈ ওলাইছে পৰিনীতি চোপ্ৰা
বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ গৰ্ভধাৰণক লৈ বহু সময়ৰ পৰা চৰ্চা চলি আছিল।এতিয়া পৰিনীতিয়ে নিজেই কৈছে যে তেওঁ মাতৃ হ’বলৈ ওলাইছে।
তেওঁৰ স্বামী ৰাঘৱ চাদ্দা আৰু অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে এই ভাল খবৰটো দিছে।
পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাই সোমবাৰে ছ’চিয়েল মিডিয়াত এই খবৰটো ঘোষণা কৰি অনুৰাগীসকলক সুখী কৰি তুলিলে।দুয়োজনে পোষ্টটোত এখন ফটো আৰু এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ফটোখনত লিখা আছে, ১ + ১ = ৩।লগতে সৰু সৰু ভৰিৰ ছাপো আছিল।ইয়াৰ লগতে এটা ভিডিঅ’ ও শ্বেয়াৰ কৰিছে।
য’ত দুয়োকে ৰাস্তাত খোজ কাঢ়ি থকা দেখা গৈছে।ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, “আমাৰ সৰু বিশ্বব্ৰহ্মাণ্ড…নিজৰ ৰাস্তাত আছে। অত্যন্ত ধন্য।”
লগতে পঢ়ক: ‘না সঁচা প্ৰেম হ’ল, না কিবা আধৰুৱা হৈ থাকিল…’; প্ৰেম জীৱনক লৈ প্ৰথমবাৰলৈ মুখখুলিলে ছলমান খানে