পৰেশ ৰাৱালৰ ডাঙৰ মন্তব্য
কিছুদিনৰ পৰা অভিনেতা পৰেশ ৰাৱালে শিৰোনাম দখল কৰি আহিছে। তেওঁৰ ‘হেৰা ফেৰী ৩’ বিতৰ্কৰ কখা সকলোৱে জানে। অভিনেতাগৰাকীয়ে সদায় কোনো সংকোচ নোহোৱাকৈ নিজৰ মতামত স্পষ্টকৈ দি আহিছে।
এতিয়া পৰেশ ৰাৱালে আন এক গুৰুতৰ বিষয় উত্থাপন কৰি নিজৰ মতামত ব্যক্ত কৰিছে।তেওঁ কয় যে ৱেব ছিৰিজত দেখুওৱা অন্তৰংগ দৃশ্য আৰু গালি-গালাজবোৰৰ কোনো কাৰণ নাই।
ৱেব ছিৰিজক লৈ ডাঙৰ মন্তব্য
শেহতীয়াকৈ পৰেশ ৰাৱালে এটা সাক্ষাৎকাৰত ছবি আৰু ৱেব ছিৰিজত দেখুওৱা কন্টেন্টৰ বিষয়ে কৈছে।যেতিয়া তেওঁক সোধা হৈছিল যে আজিৰ সময়ত অ’টিটিৰ বাবে কন্টেন্ট নষ্ট হৈ আহিছে আৰু ৰাজনৈতিক দলসমূহে তেওঁলোকক সংস্কৃতিৱান কৰিবলৈ চেষ্টা কৰিছে নেকি?
এই বিষয়ে অভিনেতাজনে কয় যে, ‘সমাজত যিবোৰ হৈ আছে, চিনেমাটো সেইবোৰেই দেখুওৱা হয়। আমি সমাজৰ দাপোন’।
‘কিন্তু আমি আমাৰ বিবেচনাক সঠিকভাৱে ব্যৱহাৰ কৰা উচিত।সমাজৰ সকলো বস্তুৱেই দেখুৱাৰ যোগ্য নহয়। কিছুমান কথা আপুনি সূক্ষ্মভাৱে দেখুৱাব পাৰে।’
অন্তৰংগ দৃশ্য আৰু গালি-গালাজবোৰৰ অৰ্থ নাই
অভিনেতা গৰাকীয়ে ৱেব ছিৰিজত দেখুওৱা অন্তৰংগ দৃশ্যৰ বিষয়েও সাক্ষাৎকাৰটোত কৈছে। তেওঁ কয় যে এতিয়া এই সকলোবোৰ দেখি দৰ্শক বিৰক্ত হৈ পৰিছে।
পৰিচালক সকলে দৰ্শকৰ মন আকৰ্ষণ কৰিবলৈ এইবোৰ দৃশ্যাংশ দিয়ে। পৰেশ ৰাৱালে কয় যে, ‘প্ৰতিখন দ্বিতীয় বা তৃতীয় ধাৰাবাহিকতে অৰ্থহীন নিৰ্যাতন আৰু যৌন দৃশ্য দেখি দেখি মানুহে এতিয়া আমনি পাইছে।
কাহিনী বা দৃশ্যটোৰ লগত এইবোৰৰ কোনো সম্পৰ্ক নাই। বৰ্তমান মানুহে ভাবিবলৈ বাধ্য হৈছে যে এইবোৰ কেৱল তেওঁলোকক আকৰ্ষণ কৰিবলৈ দিয়ে।
‘মানুহে প্ৰথমে এইবোৰ ভালপাইছিল কিন্তু এতিয়া আমনি পোৱা হ’ল। যেতিয়া মেকাৰসকলে এই সকলোবোৰ কৰা বন্ধ নকৰে, তেতিয়া চৰকাৰ আগবাঢ়ি আহিব লাগিব।সমাজৰ এক মানসিকতা বজাই ৰখাটো তেওঁলোকৰ কাম।
লকডাউনৰ সময়ত এটা বেয়া অভ্যাস হৈ পৰিল যে আপুনি এখন ধাৰাবাহিক চাই আছে।হঠাতে এটা অন্তৰংগ দৃশ্য আহিল আৰু ঘৰৰ সকলো সদস্য উঠি গুচি যায়।’ গতিকে আপুনিয়েই ভাবক ইয়াৰ পৰা কিবা উপকাৰ হৈছে নে?
লগতে পঢ়ক: ‘মই যিয়েই নকৰোঁ…কেৱল ঘৃণাই পাম’; উৰ্ফী জাভেদে শ্বেয়াৰ কৰিলে গালিৰে ভৰা মেছেজ