শ্বেফালী জাৰিৱালাৰ স্বামীৰ আৱেগিক পোষ্ট
শ্বেফালী জাৰিৱালাৰ মৃত্যুৰ পিছত তেওঁৰ স্বামী পৰাগ ত্যাগী ভাগি পৰিছে।তেওঁ প্ৰয়াত পত্নী শ্বেফালী জাৰিৱালাৰ বাবে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে।
দেওবাৰে ইনষ্টাগ্ৰামত কিছু পুৰণি ফটো শ্বেয়াৰ কৰি পৰাগে তেওঁক স্মৰণ কৰে। এই পোষ্টটোত অভিনেতাগৰাকীয়ে শ্বেফালীক ‘প্ৰতিটো জন্মতে’ ভালপোৱাৰ কথা কৈছে।তেওঁৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
শ্বেফালীৰ স্মৃতিত শ্বেয়াৰ কৰিছে বিশেষ ভিডিঅ’
ফটোবোৰত পৰাগ ত্যাগী আৰু শ্বেফালীয়ে ছুটীৰ সময়ত ইজনে সিজনক সাৱটি ধৰা আৰু ৰোমান্টিক ভংগীমাৰে ফটোৰ বাবে প’জ দিয়া দেখা গৈছে।
তেওঁৰ পোষ্টটোত তেওঁ মেটিঅ’ অক্সলীৰ আই লাভ ইউ অলৱেজ ফৰ এভাৰ গীতটো বেকগ্ৰাউণ্ড মিউজিক হিচাপে বজাইছে। ফটোখন শ্বেয়াৰ কৰি পৰাগে লিখিছে, ‘মই প্ৰতি জন্মতে তোমাক বিচাৰি পাম আৰু প্ৰতিটো জন্মতে তোমাক ভাল পাম।মই তোমাক সদায় ভাল পাম… মোৰ গুণ্ডী, মোৰ চোকৰী।’ তেওঁ আৰু লিখিছে, ‘মই তোমাক বহুত মিছ কৰো।’
ৰিমিক্স ট্ৰেক ‘কান্ত লগা’ গীতত নৃত্যৰ বাবে বিখ্যাত শ্বেফালীয়ে যোৱা ২৭ জুনত ৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ পিছত তেওঁৰ স্বামী পৰাগ ত্যাগী যথেষ্ট ভাগি পৰিছে।
জানিব পৰা মতে অভিনেত্ৰীগৰাকীয়ে মৃত্যুৰ আগৰ দিনটো খালী পেটতে আছিল।ঘৰত পূজা থকাৰ বাবে ব্ৰতত আছিল শ্বেফালী।
ইফালে অভিনেত্ৰীগৰাকীয়ে খালী পেটতে বয়স বৃদ্ধি প্ৰতিৰোধী ঔষধো গ্ৰহণ কৰিছিল।ইয়াৰ পিছত তেওঁ অচেতন হৈ মাটিত পৰি যায়। ইয়াৰ পিছত পৰাগে তেওঁক বেলভিউ মাল্টিস্পেচিয়েলিটি হস্পিতাললৈ লৈ যায়।
অৱশ্যে তাত গৈ পোৱাৰ লগে লগে অভিনেত্ৰী গৰাকীক মৃত ঘোষণা কৰা হয়।উল্লেখ্য যে ২০১০ চনত শ্বেফালী আৰু পৰাগৰ প্ৰেমৰ সম্পৰ্কত আছিল আৰু ২০১৪ চনত দুয়ো বিবাহ পাশত আৱদ্ধ হয়।
লগতে পঢ়ক: “ৱেব ছিৰিজত অন্তৰংগ দৃশ্য আৰু গালি-গালাজৰ কোনো অৰ্থ নাই”; পৰেশ ৰাৱালৰ ডাঙৰ মন্তব্য