উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা পাকিস্তানী মেজৰক হত্যা
পাকিস্তানৰ দক্ষিণ ৱাজিৰস্তানৰ চাৰ্গোধাত টি টি পি (তেহৰিক-ই-তালিবান-পাকিস্তান)ৰ আক্ৰমণত মেজৰ মইজ আব্বাছ শ্বাহ নামৰ এজন বিষয়া নিহত হৈছে । জানিব পৰা মতে ২০১৯ চনত বালাকোট আক্ৰমণৰ সময়ত ভাৰতীয় বায়ুসেনাৰ বিষয়া উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানক বন্দী কৰিছিল এইজন মেজৰ মইজ আব্বাছ শ্বাহে ।
পাকিস্তান সেনাৰ তথ্য অনুসৰি টি টি পিৰ আক্ৰমণত নিহত হৈছে মেজৰ মইজ আব্বাছ শ্বাহ আৰু লেন্স নায়ক জিব্ৰান । এই এনকাউণ্টাৰত টি টি পিৰ ১১ জন সদস্যক হত্যা কৰা বুলি দাবী কৰিছে পাকিস্তানী সেনাই ।
ডন নিউজৰ তথ্য অনুসৰি মঙলবাৰে পাকিস্তান সেনাৰ মিডিয়া উইঙে কয় যে খাইবাৰ পখতুনখোৱাৰ দক্ষিণ ৱাজিৰিষ্টান জিলাত গোপনে লাভ কৰা খবৰৰ ভিত্তিক চলোৱা অভিযানৰ সময়ত দুজন জোৱান নিহত হয় ।
এক বিবৃতি অনুসৰি, “২০২৫ চনৰ ২৪ জুনত দক্ষিণ ৱাজিৰস্তান জিলাৰ চৰোঘা অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল । এই আক্ৰমণত মেজৰ মইজ আব্বাছ শ্বাহ আৰু লেন্স নাইক জিব্ৰান নিহত হৈছে ।”
পাকিস্তানী সেনাৰ সংবাদ শাখা আই এছ পি আৰে কয় যে মেজৰ মইজ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেইবাটাও অভিযানত সাহসী কাৰ্য্যৰ বাবে পৰিচিত আছিল । অৱশ্যে বালাকোট ষ্ট্ৰাইকৰ কথা উল্লেখ কৰা নাই আই এছ পি আৰে ।
উল্লেখ্য যে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত জয়ছ-ই-মহম্মদ সন্ত্ৰাসবাদীয়ে চি আৰ পি এফৰ কনভয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । এই আক্ৰমণত ৪০ জন চি আৰ পি এফ জোৱান শ্বহীদ হৈছিল ।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটত থকা সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলায় । ভাৰতত ইয়াক বালাকোট এয়াৰষ্ট্ৰাইক বুলি জনা যায় । এই আক্ৰমণত জৈছৰ বহু ডাঙৰ সন্ত্ৰাসবাদী নিহত হয় ।
২৭ ফেব্ৰুৱাৰীত পাকিস্তানী বায়ুসেনাই প্ৰত্যুত্তৰ চেষ্টা কৰি ভাৰতীয় আকাশমাৰ্গত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে । উইং কমাণ্ডাৰ অভিনন্দনে সেই সময়ত শ্ৰীনগৰত ৫১ স্কোৱাড্ৰনত নিযুক্ত আছিল আৰু মিগ-২১ বাইছন উৰুৱাই আছিল । তেওঁ লক্ষ্য কৰি লৈছিল পি এ এফ এফ-১৬ যুঁজাৰু বিমান । অভিনন্দনে এই পাকিস্তানী এফ-১৬ক প্ৰত্যাহ্বান জনাই আকাশত খেদিবলৈ ধৰিলে । দীৰ্ঘ সময়ৰ যুদ্ধৰ অন্তত তেওঁ এফ-১৬ বিমানখন ভূপতিত কৰে ।
কিন্তু এই ডগফাইটৰ সময়ত উইং কমাণ্ডাৰ অভিনন্দনৰ মিগ-২১ বিমানখনত পাকিস্তানী ক্ষেপণাস্ত্ৰই আঘাত কৰে । অৱশেষত তেওঁ বিমানৰ পৰা বাহিৰলৈ ওলাই আহিবলগীয়া হ’ল যদিও তেতিয়ালৈকে তেওঁ নিয়ন্ত্ৰণ ৰেখা (LoC) পাৰ হৈ পাকিস্তান অধিকৃত কাশ্মীৰ পাইগৈ ।
যেতিয়া অভিনন্দনে পেৰাচুটেৰে PoKত অৱতৰণ কৰে, তেতিয়া স্থানীয় পাকিস্তানীয়ে তেওঁক আক্ৰমণ কৰে । আত্মৰক্ষাৰ বাবে অভিনন্দনে শূণ্যত গুলীচালনা কৰিছিল আৰু পিছত পাকিস্তানী সেনাই তেওঁক জিম্মাত লৈছিল । দাবী কৰা হৈছে যে আন্তঃৰাষ্ট্ৰীয় যুদ্ধৰ নিয়ম উলংঘা কৰি অভিনন্দনক ধৰিবলৈ পাকিস্তানী সেনাৰ বিষয়া মইজ আব্বাছ শ্বাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তাৰ পিছত পাকিস্তানে দাবী কৰে যে মেজৰ মইজে উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰিছে । এই একেজন পাকিস্তানী সেনা বিষয়া এতিয়া টি টি পিৰ আক্ৰমণত নিহত হৈছে ।
লগতে পঢ়ক : ইজৰাইলৰ ওপৰত ক্ষুণ্ণ হৈ পৰিল ড’নাল্ড ট্ৰাম্প; ক’লে- ইৰাণক লৈয়ো সুখী নহয়