ভাৰতৰ পথ অৱৰোধ কৰি ৪১০ কোটিৰ লোকচানৰ সন্মুখীন পাকিস্তান !
প্ৰতিটো ফ্ৰণ্টতে ভাৰতৰ হাতত পৰাস্ত হোৱা পাকিস্তানৰ অৱস্থা এতিয়া পৃথিৱীৰ কোনো দেশৰ পৰা লুকাই থকা নাই । অর্থনৈতিক দিশত পাকিস্তানে লাভ কৰা আন এক ডাঙৰ আঘাত পোহৰলৈ আহিছে ৷ ভাৰতৰ পথ অৱৰোধ কৰাটো পাকিস্তানৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হৈছে আৰু ইয়াৰ বাবেই দেশখনৰ বাবে ৪১০ কোটি টকাৰ লোকচান হৈছে । এই পৰিমাণ পাকিস্তানী টকাত, যাৰ মূল্য ভাৰতীয় টকাত ১২৭ কোটি । আচলতে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৩ এপ্ৰিলত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাত পাকিস্তান ক্ষুব্ধ হৈ পৰিছিল । এই ক্ৰোধত দেশখনে এদিন পিছতে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে । এই কাম কৰি মাত্ৰ ২ মাহৰ ভিতৰতে ইমান বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ল পাকিস্তান ।
পাক প্ৰতিৰক্ষা মন্ত্ৰালয়ে শ্বেয়াৰ কৰিলে এই তথ্য-
পাকিস্তানী কাকত দ্য ডনৰ বাতৰি অনুসৰি শুকুৰবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় সদনত লোকচানৰ পৰিসংখ্যা প্ৰকাশ কৰা হয় । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি দ্য ডনে প্ৰকাশ কৰিছে যে এই লোকচান ২০২৫ চনৰ ২৪ এপ্ৰিলৰ পৰা ৩০ জুনলৈকে হৈছিল, যেতিয়া ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰা হৈছিল । এই পদক্ষেপৰ ফলত প্ৰায় ১০০-১৫০ ভাৰতীয় বিমান ক্ষতিগ্ৰস্ত হয় । ইয়াৰ ভিতৰত লিজত লোৱা বিমানো আছে ।
পাকিস্তান বৃহৎ লোকচানৰ সন্মুখীন হ’লেও ৪১০ কোটি টকাৰ লোকচান সন্দৰ্ভত দায় সৰাৰ দৰে বিবৃতি দিয়ে । দ্য ডন কাকতৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে আকাশমাৰ্গ নিষিদ্ধ কৰাটো ফেডাৰেল চৰকাৰৰ অধীনস্থ । বিবৃতিটোত কোৱা হৈছে যে, ‘আৰ্থিক লোকচান হ’লেও অৰ্থনৈতিক স্বাৰ্থতকৈ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাক অগ্ৰাধিকাৰ দিয়া হয় ।’
আনহাতে, বৃহৎ লোকচানৰ মাজতো পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষৰ মুঠ ৰাজহ ২০১৯ চনত ৫,০৮,০০০ ডলাৰৰ পৰা ২০২৫ চনত ৭,৬০,০০০ ডলাৰলৈ বৃদ্ধি পাইছে । কিন্তু এই বৃদ্ধি ৬ বছৰত প্ৰায় ৭%, যি বিশেষ সন্তোষজনক অগ্ৰগতি দেখুৱাব পৰা নাই ।
লগতে পঢ়ক : ২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত… নিৰ্বাচন আয়োগৰ ঘোষণা