লালু প্ৰসাদলৈ লিখিলে পত্ৰ
বিহাৰৰ ৰাজনীতিত আকৌ এবাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।আছাদুদ্দিন ওৱেইছিৰ দল AIMIM এ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোটত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।
ইয়াৰ বাবে দলটোৰ বিহাৰৰ ৰাজ্যিক সভাপতি তথা বিধায়ক আখতাৰুল ইমানে আৰজেডিৰ উৰ্ধতন বিষয়া লালু প্ৰসাদ যাদৱলৈ এখন পত্ৰ লিখিছে।
লালু প্ৰসাদ যাদৱলৈ লিখা পত্ৰখনত AIMIM এ স্পষ্টকৈ কৈছে যে যদি ধৰ্মনিৰপেক্ষ ভোটৰ সিঁচৰতি বন্ধ কৰিব লাগে তেন্তে দলটোক মহাজোটত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়।
আখতাৰুল ইমানে লিখিছে যে এই খণ্ডিতকৰণৰ পৰা সাম্প্ৰদায়িক শক্তিসমূহে প্ৰত্যক্ষভাৱে লাভৱান হয়, যিটো ২০২৫ চনৰ নিৰ্বাচনত বন্ধ কৰাৰ প্ৰয়োজন।
লগতে তেওঁ কয় যে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত আৰু লগতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনটো AIMIM এ “মহাগঠবন্ধন”ৰ অংশ হ’বলৈ চেষ্টা কৰিছিল, কিন্তু কোনো ফলাফল লাভ কৰা নগ’ল।
এতিয়া পুনৰ দলটোৱে মিত্ৰতাত যোগদান কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্য প্ৰকাশ কৰিছে। যোৱা কেইদিনমানৰ পৰা এই বিষয়ত অবিৰতভাৱে এআইএমআইএমৰ বহু নেতাই বক্তব্য প্ৰদান কৰি আহিছে ।
অৱশ্যে এতিয়ালৈকে বিৰোধী দলপতি তেজস্বী যাদৱৰ কোনো আনুষ্ঠানিক সঁহাৰি দিয়া নাই। অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, তেজস্বীয়ে AIMIMৰ পৰা কোনো প্ৰত্যক্ষ অফাৰ পোৱা নাছিল বুলি কৈছিল। এতিয়া লক্ষ্যণীয় হ’ব লালু প্ৰসাদ যাদৱে এই চিঠিখনৰ ওপৰত কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নে নকৰে।
লগতে পঢ়ক: ‘ময়েই হ’ম মুখ্যমন্ত্ৰী’; কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াৰ ডাঙৰ মন্তব্য