অপাৰেচন সিন্দুৰ:
অপাৰেচন সিন্দুৰ, এই অভিযানৰ জৰিয়তে ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ চলি থকা কঠোৰ নীতি আৰু সামৰিক পদক্ষেপক ফলপ্ৰসূভাৱে বিশ্বৰ আগত উপস্থাপন কৰাৰ উদ্যোগ লৈছে । ইয়াৰ বাবে সাতটা প্ৰতিনিধি দলৰ ভিতৰত দুজন সৰ্বদলীয় সাংসদৰ এটা প্ৰতিনিধি দল বৰ্তমান বিভিন্ন দেশ ভ্ৰমণত আছে । এটা প্ৰতিনিধি দল সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ আবুধাবিত উপস্থিত হোৱাৰ বিপৰীতে আনটো প্ৰতিনিধি দল জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হৈছে ।
উল্লেখ্য যে শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দেৰ নেতৃত্বত এটা দল সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ আবুধাবিত উপস্থিত হৈছে, তাৰ পিছত দলটোৱে ইউ এ ই, লাইবেৰিয়া, কংগো আৰু ছিয়েৰা লিয়ন ভ্ৰমণ কৰিব । আনহাতে, জে ডি ইউৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৱে জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হৈছে । জাপানৰ পিছত দলটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া ৰিপাব্লিক আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব ।
শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দেৰ নেতৃত্বৰ দলটোত আছে বিজেপিৰ সাংসদ বনছুৰী স্বৰাজ, আই ইউ এম এলৰ সাংসদ ই টি মহম্মদ বছিৰ, বিজেপিৰ সাংসদ অতুল গাৰ্গ, বি জে ডি সাংসদ শস্মিত পাত্ৰ, বিজেপি ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা মনন কুমাৰ মিশ্ৰ, বিজেপি নেতা এছ এছ আহলুৱালীয়া আৰু ৰাষ্ট্ৰদূত সুজান চিনয় আদি ।
আনহাতে, ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান অপাৰেচন সিন্দুৰক বিশ্বৰ সন্মুখত শক্তিশালীভাৱে উপস্থাপন কৰাৰ উদ্দেশ্যেৰে জে ডি ইউৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হয় । জাপানৰ উপৰিও দলটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া ৰিপাব্লিক আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব ।
সঞ্জয় ঝাৰ প্ৰতিনিধি দলত বিজেপিৰ সাংসদ প্ৰদান বৰুৱা, ব্রিজ লাল, ড০ হেমাং যোশী আৰু অপৰাজিতা সাৰংগী, তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জী, চি পি আই (এম)ৰ সাংসদ জন ব্রিটাছ আৰু প্রাক্তন ৰাষ্ট্ৰদূত মোহন কুমাৰকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ আছে ৷
লগতে পঢ়ক : ‘সন্ত্ৰাসবাদীক জন্ম দিয়া দেশৰ অভিনয়…’; WHOত পাকিস্তানক ধমক ভাৰতৰ