২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতীয় সেনাই ৬-৭ মে’ৰ নিশা ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰে । ভাৰতীয় সেনাৰ এই অভিযানত পাকিস্তান আৰু PoKৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান সম্পূৰ্ণৰূপে ধ্বংস হয় । এতিয়া ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ত পাকিস্তানত নিহত সন্ত্ৰাসবাদীৰ তালিকা প্ৰকাশ পাইছে ।
‘অপাৰেচন সিন্দুৰ’ৰ সফলতা
ভাৰতে ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে পাকিস্তানত শীৰ্ষ ৫ সন্ত্ৰাসবাদীক হত্যা কৰিছে । ইয়াৰ ভিতৰত আছে লস্কৰৰ সন্ত্ৰাসবাদী মুদাছৰ খাদিয়ান । পাকিস্তানী সেনাই এই সন্ত্ৰাসবাদীটোক সন্মান জনাইছিল । প্ৰকাশ পোৱা তালিকাখনে ভাৰতৰ আটাইতকৈ মষ্ট ৱান্টেড সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ ঘনিষ্ঠকো নিৰ্মূল কৰাটো নিশ্চিত কৰিছে ।
একে সময়তে মহম্মদ ইউছুফ আজহাৰ ওৰফে উস্তাদ জী ওৰফে মহম্মদ চেলিম ওৰফে ঘোষী চাহাবৰ হত্যাৰ বাতৰিও পোহৰলৈ আহিছে । এই সন্ত্ৰাসবাদীটোৱে জম্মু-কাশ্মীৰত বহু সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল । ইণ্ডিয়ান এয়াৰলাইন্সৰ আই চি-৮১৪ বিমান অপহৰণৰ ঘটনাতো এই সন্ত্ৰাসবাদীটো মষ্ট ৱান্টেড আছিল ।
কোন কোন সন্ত্ৰাসবাদী নিহত হ’ল ?
পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতে চলোৱা ‘অপাৰেচন সিন্দুৰ’ত নিহত সন্ত্ৰাসবাদীৰ সবিশেষ-
মুদাছাৰ খাদিয়ান খাছ ওৰফে মুদাছাৰ ওৰফে আবু জুন্দাল (লস্কাৰ-ই-তৈবা)-
মাৰ্কাজ টাইবাৰ, মুৰিডকেৰ প্ৰভাৰী । এই সন্ত্ৰাসবাদীটোৰ অন্ত্যেষ্টিক্ৰিয়াত পাকিস্তান সেনাই দিলে গাৰ্ড অৱ অনাৰ । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পাকিস্তানী সেনা প্ৰধান আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে । সন্ত্ৰাসবাদীটোৰ অন্ত্যেষ্টিক্ৰিয়াৰ নামাজ চৰকাৰী বিদ্যালয়ত কৰা হয় । ইয়াৰ নেতৃত্বত আছিল ঘোষিত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন জামাত-উদ-দাৱাৰ হাফিজ আব্দুল ৰৌফ । পাক সেনাবাহিনীৰ এজন অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল আৰু পঞ্জাৱ আৰক্ষীৰ আই জিয়ে নামাজ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
হাফিজ মহম্মদ জমিল (জয়ছ-ই-মহম্মদ)-
মৌলানা মাছুদ আজহাৰৰ ডাঙৰ খুলশালীয়েক । মাৰ্কাজ চুভান আল্লাহ, বাহাৱালপুৰৰ প্ৰভাৰী । যুৱকসকলক উগ্ৰপন্থী কৰি জৈছ-ই-মহম্মদৰ বাবে ধন সংগ্ৰহৰ কামত সক্ৰিয়ভাৱে জড়িত আছিল ।
মহম্মদ ইউছুফ আজহাৰ ওৰফে উস্তাদজী ওৰফে মহম্মদ চেলিম ওৰফে ঘোষী চাহাব (জৈছ-ই-মহম্মদ)-
মৌলানা মাছুদ আজহাৰৰ খুলশালীয়েক । আগতে এই সন্ত্ৰাসবাদীটোৱে জয়ছ-ই-মহম্মদৰ বাবে অস্ত্ৰ প্ৰশিক্ষণ চম্ভালিছিল । জম্মু-কাশ্মীৰৰ বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত । আই চি-৮১৪ হাইজেকিং ঘটনাত মষ্ট ৱান্টেড আছিল এই দুধৰ্ষ সন্ত্ৰাসবাদীটো ।
খালিদ ওৰফে আবু আকছা (লস্কাৰ-ই-তৈবা)-
জম্মু-কাশ্মীৰৰ বহু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল এই সন্দ্ৰাসবাদীটো । আফগানিস্তানৰ পৰা চোৰাং অস্ত্ৰ সৰবৰাহতো জড়িত আছিল । ফৈছালাবাদত সমাধিস্থ কৰা হয় সন্ত্ৰাসবাদীটোক । অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে পাকিস্তানী সেনাৰ জ্যেষ্ঠ বিষয়া আৰু ফৈছালাবাদৰ উপ আয়ুক্তই ।
মহম্মদ হাছান খান (জয়ছ-ই-মহম্মদ)-
মুফতি আছঘৰ খান PoKত জৈছৰ অপাৰেচনেল কমাণ্ডাৰ আছিল । জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ সমন্বয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এই সন্ত্ৰাসবাদীটোৱে ।