MPL, Dream11, Zupee ৰ ডাঙৰ সিদ্ধান্ত…
ৰাজ্যসভাত অনলাইন গেমিং বিল ২০২৫ গৃহীত হোৱাৰ লগে লগে ৰিয়েল মানি গেমিং ইণ্ডাষ্ট্ৰীৰ ডাঙৰ ডাঙৰ খেলুৱৈ MPL, Dream11, Zupee এ নিজৰ মানি গেম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন লাভ কৰি লোকসভা আৰু ৰাজ্যসভাই গৃহীত কৰিছে অনলাইন গেমিং বিল ২০২৫।এতিয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত এইখন আইনত পৰিণত হ’ব। ইয়াৰ উপৰিও ৰিয়েল মানি গেমিং কোম্পানীক জেললৈ ১ কোটি টকা জৰিমনা বিহাৰ ব্যৱস্থা আছে।
ভাৰতৰ সৰ্ববৃহৎ গেমিং প্লেটফৰ্ম MPL এ নিজৰ সকলো ৰিয়েল মানি গেম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।লিংকডইন পোষ্টত কোম্পানীটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে আমি দেশৰ আইনক সন্মান কৰো আৰু ইয়াক সম্পূৰ্ণৰূপে মানি চলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
কোম্পানীটোৱে আৰু নিজৰ পোষ্টত লিখিছে যে তাৎক্ষণিকভাৱে আমি আমাৰ সকলো ৰিয়েল মানি গেম MPL প্লেটফৰ্মৰ পৰা আঁতৰাই পেলাইছো।
আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ব্যৱহাৰকাৰীসকল। এতিয়া ব্যৱহাৰকাৰীয়ে কৰা নতুন জমা ধন মচি পেলোৱা নহ’ব।অৱশ্যে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ বেলেঞ্চ উলিয়াব পাৰে। এতিয়াৰে পৰা এমপিএলৰ প্লেটফৰ্মত কোনো ধৰণৰ অনলাইন মানি গেম উপলব্ধ নহ’ব।
এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাত এমপিএলৰ ১২ কোটিতকৈ অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে।এমপিএলৰ উপৰিও ড্ৰিম১১ আৰু জুপিয়েও নিজৰ প্লেটফৰ্মৰ পৰা সকলো ৰিয়েল মানি গেম আঁতৰোৱাৰ সিদ্ধান্ত লৈছে।