অনলাইন গেমেই কাল হ’ল মহম্মদ কাঈফৰ…

উত্তৰ প্ৰদেশৰ মেৰুটত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। অনলাইন গেম খেলি থকাৰ সময়তেই মহম্মদ কাঈফৰ ৰক্তচাপ ৩০০ অতিক্ৰম কৰি মগজুৰ ৰক্তক্ষৰণ হয় ।

মেৰুটৰ দেহলী গেট থানা এলেকাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। য’ত অনলাইন গেমিং কৰি থকা অৱস্থাত সন্দেহজনক পৰিস্থিতিত মৃত্যু হয় এজন ২২ বছৰীয়া যুৱকৰ।

পৰিয়ালৰ লোকৰ মতে, গেম খেলি থকা অৱস্থাতেই হঠাতে যুৱকগৰাকীৰ ৰক্তচাপ বাঢ়ি যায়।ইয়াৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে।তেওঁৰ মৃত্যুৰ আঁৰৰ কাৰণ মগজুৰ ৰক্তক্ষৰণ অৰ্থাৎ মগজুৰ শিৰা ফাটি যোৱা বুলি জানিব পৰা গৈছে।

নিহত লোকজন খৈৰনগৰ গুলাৰ ৱালিৰ নিবাসী মহম্মদ কাঈফ বুলি জানিব পৰা গৈছে।কোৱা হৈছে যে মহম্মদ কাঈফে দীৰ্ঘদিন ধৰি বেছিভাগ সময় অনলাইন গেমিংতে সময় কটায়।

ঘটনাৰ দিনটোতো তেওঁ কাণত ইয়েৰফোন লৈ মোবাইল ফোনত গেম খেলি আছিল। এই সময়ছোৱাত তেওঁ তীব্ৰ মূৰৰ বিষ আৰু অস্থিৰতাৰ অভিযোগ কৰিছিল। আৰু কিছু সময়ৰ ভিতৰতে সি অচেতন হৈ পৰিল।

লগে লগে পৰিয়ালৰ লোকে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যায়, তাৰ পৰাই মহম্মদ কাঈফৰ অৱস্থা গুৰুতৰ হৈ পৰাত তেওঁক দিল্লীৰ চফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

তাতে দুদিন চিকিৎসা কৰা হ’ল যদিও চিকিৎসকৰ সকলো চেষ্টাৰ পিছতো মহম্মদ কাঈফৰ  জীৱন ৰক্ষা কৰিব পৰা নগ’ল।চিকিৎসকৰ মতে, ভৰ্তি হোৱাৰ সময়ত তেওঁৰ ৰক্তচাপ ৩০০ অতিক্ৰম কৰিছিল, যিটো অতি বিপজ্জনক অৱস্থা বুলি গণ্য কৰা হয়।

পৰিয়ালৰ লোকে কয় যে মহম্মদ কাঈফৰ অনলাইন গেমিঙৰ প্ৰতি থকা আসক্তিৰ বিষয়ে তেওঁলোকে সম্পূৰ্ণৰূপে অৱগত নাছিল।

কিন্তু চুবুৰীয়াৰ মতে কাইফে প্ৰায়ে ঘণ্টাৰ পিছত ঘণ্টা মোবাইলত গেম খেলিছিল। ইয়াৰ পূৰ্বে গাজিয়াবাদৰ তিনিগৰাকী ভগ্নীয়েও গেমিং আসক্তিৰ বাবে আত্মহত্যা কৰিছিল।

লগতে পঢ়ক: এপষ্টেইন ফাইলছত নাম সাঙোৰ খাইছে দালাই লামাৰ; প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

কেন্দ্ৰ চৰকাৰৰ ডাঙৰ পদক্ষেপ; ২৪২টা অনলাইন বেটিং আৰু জুৱা ৱেবছাইটক কৰিলে নিষিদ্ধ

কেন্দ্ৰ চৰকাৰে অনলাইন বেটিং আৰু জুৱা ৱেবছাইটৰ বাবে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। নিষিদ্ধ কৰিলে কেইবাটাও ৱেবছাইট

নতুন অনলাইন গেমিং এক্টৰ অধীনত কেন্দ্ৰ চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ২৪২টা অনলাইন বেটিং আৰু জুৱাৰ ৱেবছাইট নিষিদ্ধ কৰিছে।

এই ৱেবছাইটসমূহত অবৈধভাৱে অনলাইন বেটিং আৰু জুৱা চলি আছিল।কেন্দ্ৰ চৰকাৰে এই নতুন গেমিং আইনখন যোৱা বছৰত গৃহীত কৰিছিল।এতিয়ালৈকে মুঠ ৭৮০০ৰো অধিক অবৈধ বেটিং আৰু জুৱাৰ ৱেবছাইট ব্লক কৰা হৈছে।

যোৱা বছৰ কেন্দ্ৰ চৰকাৰে অনলাইন গেমিং এক্ট, ২০১৯ গৃহীত কৰিছিল,যাৰ উদ্দেশ্য হৈছে অবৈধভাৱে হৈ থকা বেটিং আৰু জুৱা বন্ধ কৰা।

ড্ৰিম ১১, মাই ১১ চাৰ্কল, এমপিএলকে ধৰি বহু এপ আৰু ৱেবছাইটত অনলাইন গেমিং বিল সংসদত উত্থাপন হোৱাৰ লগে লগে, তাৰ প্লেটফৰ্মত বাস্তৱ ধনৰ ভৱিষ্যদ্বাণী খেল বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

যুৱক-যুৱতী আৰু মানুহৰ অনলাইন জুৱাৰ প্ৰতি ক্ৰমাৎ আসক্তিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যোৱা বছৰ সদনত অনলাইন গেমিং বিল উত্থাপন কৰিছিল আৰু পিছলৈ ই অনলাইন গেমিং এক্টলৈ পৰিণত হ’ল।

গেমিং আইন বলবৎ হোৱাৰ পূৰ্বেও ২০২২ চনত চৰকাৰে প্ৰায় ১৪০০টা অবৈধ পণ আৰু জুৱাৰ ৱেবছাইটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল।

লগতে পঢ়ক: গুগল আৰু এপলৰ বন্ধুত্বত সুখী নহয় ইলন মাস্ক; বিস্ফোৰক মন্তব্য

অনলাইন গেমিং বিল গৃহীত হোৱাৰ লগে লগে MPL, Dream11, Zupee ৰ ডাঙৰ সিদ্ধান্ত…

MPL, Dream11, Zupee ৰ ডাঙৰ সিদ্ধান্ত…

ৰাজ্যসভাত অনলাইন গেমিং বিল ২০২৫ গৃহীত হোৱাৰ লগে লগে ৰিয়েল মানি গেমিং ইণ্ডাষ্ট্ৰীৰ ডাঙৰ ডাঙৰ খেলুৱৈ MPL, Dream11, Zupee এ নিজৰ মানি গেম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন লাভ কৰি লোকসভা আৰু ৰাজ্যসভাই গৃহীত কৰিছে অনলাইন গেমিং বিল ২০২৫।এতিয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত এইখন আইনত পৰিণত হ’ব। ইয়াৰ উপৰিও ৰিয়েল মানি গেমিং কোম্পানীক জেললৈ ১ কোটি টকা জৰিমনা বিহাৰ ব্যৱস্থা আছে।

ভাৰতৰ সৰ্ববৃহৎ গেমিং প্লেটফৰ্ম MPL এ নিজৰ সকলো ৰিয়েল মানি গেম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।লিংকডইন পোষ্টত কোম্পানীটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে আমি দেশৰ আইনক সন্মান কৰো আৰু ইয়াক সম্পূৰ্ণৰূপে মানি চলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

কোম্পানীটোৱে আৰু নিজৰ পোষ্টত লিখিছে যে তাৎক্ষণিকভাৱে আমি আমাৰ সকলো ৰিয়েল মানি গেম MPL প্লেটফৰ্মৰ পৰা আঁতৰাই পেলাইছো।

আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ব্যৱহাৰকাৰীসকল। এতিয়া ব্যৱহাৰকাৰীয়ে কৰা নতুন জমা ধন মচি পেলোৱা নহ’ব।অৱশ্যে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ বেলেঞ্চ উলিয়াব পাৰে। এতিয়াৰে পৰা এমপিএলৰ প্লেটফৰ্মত কোনো ধৰণৰ অনলাইন মানি গেম উপলব্ধ নহ’ব।

এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাত এমপিএলৰ ১২ কোটিতকৈ অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে।এমপিএলৰ উপৰিও ড্ৰিম১১ আৰু জুপিয়েও নিজৰ প্লেটফৰ্মৰ পৰা সকলো ৰিয়েল মানি গেম আঁতৰোৱাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক: শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি ৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ… ৫ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হানিব আঘাত

শীঘ্ৰেই নিষিদ্ধ কৰা হ’ব অনলাইন গেমিং; নিয়ম ভংগ কৰিলে হ’ব কঠোৰ শাস্তি!

শীঘ্ৰেই নিষিদ্ধ কৰা হ’ব অনলাইন গেমিং

ডিজিটেল জগতত এটা ডাঙৰ পদক্ষেপ লৈ ভাৰত চৰকাৰে সংসদত অনলাইন গেমিং প্ৰমোচন এণ্ড ৰেগুলেচন বিল ২০২৫ উত্থাপন কৰিছে।

এই বিধেয়কখনে কেৱল ভাৰতক সৃষ্টিশীল আৰু উদ্ভাৱনীমূলক গেমিংৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰাই নহয়,কিন্তু ই নাগৰিকক অনলাইন মানি গেমৰ বিপদৰ পৰাও ৰক্ষা কৰে।

এই বিধেয়কখনে ই-স্প’ৰ্টছ আৰু ছ’চিয়েল গেমছক প্ৰচাৰ কৰে,ইয়াৰ উপৰিও অনলাইন জুৱা আৰু বাজিৰ দৰে ক্ষতিকাৰক খেলত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ডিজিটেল ইণ্ডিয়াৰ অধীনত প্ৰযুক্তিৰ সুবিধা বৃদ্ধিৰ বাবে আৰু ইয়াৰ অসুবিধাৰ পৰা ৰক্ষা পাবলৈ এই বিধেয়ক প্ৰস্তুত কৰা হৈছে।

যোৱা ১১ বছৰত ডিজিটেল ইণ্ডিয়া, ইউপিআই, ৫জি আৰু অৰ্ধপৰিবাহীৰ দৰে খণ্ডই ভাৰতক এক নতুন পৰিচয় দিছে।

কিন্তু অনলাইন মানি গেমৰ গুৰুতৰ পৰিণতি যেনে নিচা, আৰ্থিক লোকচান, আনকি আত্মহত্যাও উদ্বেগ প্ৰকাশ কৰিছে।সেইবাবেই এই বিধেয়কখনে সমাজখনক সুৰক্ষিত কৰি ৰখাৰ লগতে সৃষ্টিশীলতাক প্ৰসাৰিত কৰে।

এই বিধেয়কখনে ই-স্প’ৰ্টছক ভাৰতৰ বৈধ আৰু প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে স্বীকৃতি প্ৰদান কৰিছে।এই বিধেয়কখনে অনলাইন ছ’চিয়েল গেমৰ প্ৰচাৰ কৰে যিয়ে মনোৰঞ্জন, শিক্ষা, আৰু সামাজিক সংযোগ বৃদ্ধি কৰে।

শিশু আৰু যুৱক-যুৱতীসকলে ডিজিটেল সাক্ষৰতা আৰু দক্ষতা বিকাশৰ লগতে সাংস্কৃতিক মূল্যবোধৰ সৈতেও সংযোগ স্থাপন কৰিব।

অনলাইন গেমিং প্ৰমোচন এণ্ড ৰেগুলেচন বিল ২০২৫ এনেকুৱা এটা পদক্ষেপ যি ডিজিটেল ইণ্ডিয়াক নতুন উচ্চতালৈ লৈ যাব পাৰে।

এই বিধেয়কখনে উদ্ভাৱন আৰু সৃষ্টিশীলতাক প্ৰসাৰিত কৰে, একে সময়তে অনলাইন মানি গেমৰ বিপদৰ পৰা সমাজখনক ৰক্ষা কৰে।ই নিৰাপদ, সুৰক্ষিত, আৰু উদ্ভাৱন-চালিত ডিজিটেল ভাৰতৰ দিশত এয়া এক শক্তিশালী পদক্ষেপ।

লগতে পঢ়ক: ইছৰোৱে গঢ়িব নতুন অভিলেখ… নিৰ্মাণ কৰিব ৪০ মহলীয়া ৰকেট, মহাকাশলৈ কঢ়িয়াই নিব ৭৫ টন ওজন