জম্মু-কাশ্মীৰ বিধানসভাত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই থিয় হৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দাখিল কৰা প্ৰস্তাৱৰ সমৰ্থনত ভাষণ দিয়ে । এই সময়ছোৱাত তেওঁ আক্ৰমণত নিহত হোৱা সকলো লোকৰ নামো লয় । ওমৰ আব্দুল্লাই কয় যে, “মই বিশ্বাস কৰিব নোৱাৰো যে মাত্ৰ কেইদিনমানৰ আগতে আমি এই সদনত উপস্থিত আছিলো, বাজেট আৰু আন বহু বিষয়ৰ ওপৰত বিতৰ্ক হৈছিল । কোনে ভাবিব যে জম্মু-কাশ্মীৰত এনে পৰিস্থিতিৰ সৃষ্টি হ’ব, এই পৰিৱেশত আমি ইয়াত পুনৰ লগ হ’ব লাগিব । পহলগাম আক্ৰমণৰ পিছত যেতিয়া মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছিল, তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে আমি ৰাজ্যপালক এদিনীয়া অধিৱেশন আহ্বান কৰিবলৈ অনুৰোধ কৰিম ।”
বিধানসভাত আৱেগিক হৈ পৰা ওমৰ আব্দুল্লাই কয় যে এই আক্ৰমণে আমাক অত্যন্ত ব্যৰ্থিত কৰিছে । সেই নৌসেনাৰ বিষয়াৰ পত্নীক, দেউতাকক তেজেৰে তিতা দেখি থকা সেই সৰু ল’ৰাটোক মই কি উত্তৰ দিম ।
‘ক্ষমা খুজিবলৈ মোৰ শব্দ নাই…’
ওমৰ আব্দুল্লাই কয়, “পূৰ্বতে আমি কাশ্মীৰী পণ্ডিত আৰু শিখ সম্প্ৰদায়ৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ দেখিবলৈ পাইছো । বহুদিনৰ মূৰত এনে আক্ৰমণ সংঘটিত হৈছে । ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলৰ ওচৰত ক্ষমা খুজিবলৈ মোৰ কোনো শব্দ নাই । মই আইন-শৃংখলাৰ দায়িত্বত নাই, কিন্তু মই পৰ্যটকসকলক কাশ্মীৰ ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিলো । তেওঁলোকৰ আতিথ্য হিচাপে তেওঁলোকৰ যত্ন লোৱা আৰু সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব । ক্ষমা খুজিবলৈ মোৰ কোনো শব্দ নাই ।”
তেওঁ কয় যে, মাত্ৰ কেইদিনমান আগতে বিয়া হোৱা নৌসেনাৰ বিষয়া জনৰ পত্নীক মই কি কওঁ ? তেওঁলোকক সান্ত্বনা দিবলৈ মোৰ কোনো শব্দ নাই । ভুক্তভোগীৰ পৰিয়ালৰ বহু সদস্যই মোক সুধিছিল যে তেওঁলোকৰ অপৰাধ কি ? মোৰ কোনো উত্তৰ নাছিল ।
‘২৬ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে…’
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয়, “২৬ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত আক্ৰমণৰ পিছত এনেকৈ মানুহ ওলাই অহা দেখিলোঁ । কাঠুৱাৰ পৰা শ্ৰীনগৰলৈ মানুহ ওলাই আহি মুকলিকৈ ক’লে যে কাশ্মীৰীয়ে এই আক্ৰমণ নিবিচাৰে । মোৰ নামত নহয়… প্ৰতিজন কাশ্মীৰীয়ে এই কথা কৈছে ।”
ওমৰ আব্দুল্লাই কয়, “জম্মু-কাশ্মীৰ বিধানসভাৰ দৰে পহলগামৰ ২৬ জন লোকৰ যন্ত্ৰণা সংসদ বা এই দেশৰ আন কোনো বিধানসভাই বুজি নাপায় । আপোনাৰ সন্মুখত বহি থকা মানুহে নিজৰ ঘনিষ্ঠ আত্মীয়ক হেৰুৱাইছে । ইমানবোৰ আক্ৰমণ কৰা হৈছে যে আমি সেইবোৰ গণনা কৰি ভাগৰি পৰিম । ২০০১ চনৰ অক্টোবৰ মাহত শ্ৰীনগৰ আক্ৰমণত ৪০ জন লোকে প্ৰাণ হেৰুৱাইছিল । গতিকে পহলগাম আক্ৰমণত মৃত্যুৰ দুখ এই বিধানসভাৰ বাহিৰে আন কোনোৱে বুজি নাপাই ।“
‘আমাৰ মানুহ আমাৰ লগত আছে…’
ওমৰ আব্দুল্লাই কয় যে মানুহে নিজেই প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল, বেনাৰ/পোষ্টাৰ প্ৰদৰ্শন কৰিছিল আৰু শ্লোগান দিছিল । মানুহ যদি আমাৰ লগত থাকে তেন্তে আমি সন্ত্ৰাসবাদক পৰাস্ত কৰিব পাৰো । এয়াই আৰম্ভণি । আমি এনে কোনো পদক্ষেপ লোৱা উচিত নহয় যিয়ে মানুহক বিচ্ছিন্ন কৰি ৰাখিব । মানুহে বুজি পাইছে যে সন্ত্ৰাসবাদ ভাল নহয় । আমি বন্দুকৰ শক্তিৰে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিব পাৰো ।
তেওঁ আৰু কয়, “মানুহ যদি আমাৰ লগত থাকে তেন্তে আমি সন্ত্ৰাসবাদক পৰাস্ত কৰিব পাৰো । মই ভাবো এতিয়া মানুহ আমাৰ লগত আছে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সমগ্ৰ কাশ্মীৰৰ মছজিদসমূহত এক মুহূৰ্ত মৌনতা অৱলম্বন কৰা হয় । এইটো এটা অতি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথা ।”