ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে শেহতীয়াকৈ টেলিফোনিক বাৰ্তালাপত দুয়োপক্ষই আঞ্চলিক স্থিতিশীলতা আৰু শান্তি বজাই ৰখাৰ ক্ষেত্ৰত সহযোগিতাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে । এই বাৰ্তালাপৰ সময়ত এন এছ এ ডোভালে চীনক স্পষ্ট কৰি দিয়ে যে, “যুদ্ধ ভাৰতৰ বাবে বিকল্প নহয় আৰু ই কোনো পক্ষৰ স্বাৰ্থত নহয় ।”
বিবৃতি অনুসৰি ৱাং য়িয়ে সন্ত্ৰাসবাদক গৰিহণা দিয়ে । বিশেষকৈ জম্মু-কাশ্মীৰৰ পালগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতীয় নিৰাপত্তা বাহিনী যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বিষয়ত তীব্ৰ গৰিহণা দিয়ে তেওঁ । এই বাৰ্তালাপত অজিত ডোভালে কয় যে এই আক্রমণে ভাৰতীয় নিৰাপত্তা বাহিনীক ভয়াৱহ আঘাত কৰিছে, যাৰ প্রতিক্রিয়াত ভাৰতে প্রয়োজনীয় নিৰাপত্তা ব্যৱস্থা ল’ব লাগিব ৷
অঞ্চলটোত শীঘ্ৰেই শান্তিৰ আশা !
এন এছ এ ড’ভালে আলোচনাত স্পষ্ট কৰি দিয়ে যে ভাৰতে যুদ্ধৰ দিশে আগবাঢ়িব নিবিচাৰে কাৰণ সেয়া কাৰো স্বাৰ্থত নহয় । তেওঁ লগতে কয় যে ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু অতি সোনকালে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ আশা কৰিছে ।
ভাৰত আৰু পাকিস্তান চীনৰো চুবুৰীয়া দেশ !
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয় যে বৰ্তমানৰ অস্থিৰ বিশ্ব পৰিস্থিতিত এছিয়াত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ । তেওঁ কয় যে কেৱল ভাৰত আৰু পাকিস্তান চুবুৰীয়াই নহয়, দুয়োখন চীনৰো চুবুৰীয়া দেশ, সেয়েহে তিনিওখন দেশৰ মাজত আলোচনা আৰু সহযোগিতাৰ জৰিয়তেহে আঞ্চলিক শান্তি সম্ভৱপৰ । ৱাং ইয়ে ডোভালৰ বক্তব্যক প্ৰশংসা কৰে য’ত তেওঁ কয় যে যুদ্ধ ভাৰতৰ বাবে বিকল্প নহয় ।
ৱাং ইয়ে ভাৰত আৰু পাকিস্তান উভয়কে আলোচনাৰ জৰিয়তে স্থায়ী যুদ্ধবিৰতি নিশ্চিত কৰিবলৈ উৎসাহিত কৰে । তেওঁ লগতে কয় যে এইটো কেৱল দুয়োখন দেশৰ স্বাৰ্থত নহয়, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰো এক আশা ।