ইৰাকৰ ওপৰত শুল্ক বোমা
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কেইবাখনো দেশত নতুন শুল্কৰ হাৰ ঘোষণা কৰিছে।ট্ৰাম্পে কৈছে যে, আমেৰিকাই ফিলিপাইনছ, ইৰাক, মলদোভা, আলজেৰিয়া, লিবিয়া আৰু ব্ৰুনাইৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিব ।
এই আদেশ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব।এই ৭খন দেশত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত এনে সময়ত আহিছে, যেতিয়া মাত্ৰ এদিন আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দক্ষিণ কোৰিয়া আৰু জাপানকে ধৰি ১৪খন দেশৰ ওপৰত শুল্ক আৰোপ কৰা হৈছিল।
কোনবোৰ দেশৰ ওপৰত কিমান শুল্ক?
ফিলিপাইনছ: ২৫%
ব্ৰুনাই: ২৫%
আলজেৰিয়া: ৩০%
মলদোভা: ২৫%
ইৰাক: ৩০%
লিবিয়া: ৩০%
শ্ৰীলংকা: ৩০%
এই দেশসমূহৰ নেতাসকললৈ প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰত ট্ৰাম্পে এই শুল্কৰ সবিশেষ শ্বেয়াৰ কৰিছে। ইৰা ক, আলজেৰিয়া আৰু লিবিয়াৰ ওপৰত আৰোপ কৰা শুল্কৰ সৰ্বোচ্চ হাৰ ৩০ শতাংশ।
ড’নাল্ড ট্ৰাম্পে কয়, ‘আমি আফ্ৰিকাত সাহায্যৰ পৰা বাণিজ্যলৈ আগবাঢ়িছো।’ আফ্ৰিকাৰ অৰ্থনৈতিক সম্ভাৱনা অপৰিসীম।অহা কেইসপ্তাহমানৰ ভিতৰত কংগো আৰু ৰুৱাণ্ডাৰ নেতাই আমেৰিকা ভ্ৰমণ কৰি শান্তি চুক্তিত স্বাক্ষৰ কৰিব।’
লগতে পঢ়ক :‘যিকোনো সময়তে ড’নাল্ড ট্ৰাম্পক কৰিব পাৰে আক্ৰমণ’; খামেইনীৰ ঘনিষ্ঠই দিলে ধমকি