বাংলাদেশে লাভ কৰিব নতুন নিৰ্বাচিত চৰকাৰ
বাংলাদেশে লাভ কৰিব নতুন নিৰ্বাচিত চৰকাৰ । বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে । ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বাংলাদেশত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হ’ব । শুকুৰবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে অহা বছৰৰ এপ্ৰিল মাহত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । ঈদ-উল-আজহাৰ প্ৰাকক্ষণত দেশবাসীক দিয়া টেলিভিছন ভাষণত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে, “মই দেশবাসীক ক’ব বিচাৰো যে পৰৱৰ্তী ৰাষ্ট্ৰীয় নিৰ্বাচন ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথমাৰ্ধত অনুষ্ঠিত হ’ব ।” নিৰ্বাচন আয়োগে উপযুক্ত সময়ত নিৰ্বাচনৰ বিশদ ৰোডমেপ দাখিল কৰিব বুলিও কয় তেওঁ ।
ভাষণত ইউনুছে বিগত ১০ মাহত অন্তৱৰ্তীকালীন চৰকাৰখনৰ “সাফল্য”ৰ ওপৰত আলোকপাত কৰি কয় যে চৰকাৰে ন্যায়, সংস্কাৰ আৰু নিৰ্বাচনৰ তিনি দফীয়া কাৰ্যসূচীৰ ওপৰত কাম কৰি আছে । ইউনুছে কয়, “আমি বিচাৰো যে পৰৱৰ্তী নিৰ্বাচনত অধিক সংখ্যক ভোটাৰ, প্ৰাৰ্থী আৰু দলে অংশগ্ৰহণ কৰক । দেশে ইয়াক আটাইতকৈ মুক্ত আৰু নিকা নিৰ্বাচন হিচাপে মনত ৰখা উচিত ।”
বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ স্থায়ী সমিতিৰ সদস্য ছালাহুদ্দিন আহমেদে চলিত সপ্তাহৰ আৰম্ভণিতে কয় যে দেশত ডিচেম্বৰৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্পূৰ্ণ সম্ভৱ কাৰণ সহমতৰ ভিত্তিত প্ৰয়োজনীয় সংস্কাৰ সম্পূৰ্ণ কৰিবলৈ এমাহতকৈও কম সময় লাগিব পাৰে ।
মঙলবাৰে গনো অধিকাৰ পৰিষদে আয়োজন কৰা এক আলোচনাত স্থানীয় সংবাদ মাধ্যমে ছালাহুদ্দিনৰ উদ্ধৃতি দি কয় যে, “ডিচেম্বৰলৈকে বহু দপলম হ’ব, তাৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ । সংবিধান সংশোধনীৰ সৈতে জড়িত সংস্কাৰৰ প্ৰস্তাৱসমূহ যদি ৰাষ্ট্ৰীয় সহমতৰ দ্বাৰা গ্ৰহণ কৰা হয়, তেন্তে এমাহতকৈও কম সময়ৰ ভিতৰতে কাৰ্যকৰী কৰিব পৰা যাব ।”
লগতে পঢ়ক : ট্ৰাম্প আৰু মাস্কৰ মাজত মুকলি যুদ্ধ; ১৪% হ্ৰাস পালে টেছলাৰ শ্বেয়াৰ