আজি উৎক্ষেপণ কৰা হ’ব নিছাৰ অভিযান
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বুধবাৰে নিছাৰ অভিযান উৎক্ষেপণ কৰিব । ইছৰোৰ অধ্যক্ষ তথা মহাকাশ বিভাগৰ সচিব ড০ ভি নাৰায়ণনে জনোৱা মতে, ভাৰতীয় ৰকেটৰ দ্বাৰা এই উপগ্ৰহটোক পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হ’ব । বুধবাৰে সন্ধিয়া ৫:৪০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা GSLV-S16 ৰকেটৰ জৰিয়তে নিছাৰ উৎক্ষেপণ কৰা হ’ব । এনে উপগ্ৰহক বে জি এছ এল ভি ৰকেটৰ জৰিয়তে সূৰ্য্য স্থিৰ কক্ষপথ স্থাপন কৰা এইটোৱেই প্ৰথম এনে অভিযান ।
সূৰ্য স্থিৰ কক্ষপথ হৈছে এনে এক কক্ষপথ য’ত উপগ্ৰহটোৱে পৃথিৱীৰ মেৰুৰ ওপৰেৰে পাৰ হৈ যায় আৰু প্ৰতিবাৰেই কোনো নিৰ্দিষ্ট স্থানৰ ওপৰেৰে পাৰ হ’লে সূৰ্যৰ পোহৰৰ অৱস্থা একেই থাকে । কাভুলুৰুৱে এই অভিযান সন্দৰ্ভত কয় যে নাছাই নিছাৰৰ বাবে এল-বেণ্ড প্ৰদান কৰাৰ বিপৰীতে ইছৰোৱে কৃত্ৰিম এপাৰচাৰ ৰাডাৰৰ বাবে এছ-বেণ্ড প্ৰদান কৰিছে । ইয়াৰ দ্বাৰা বৃহৎ পৰিমাণৰ তথ্য সংগ্ৰহ কৰা সম্ভৱ হ’ব । এই উপগ্ৰহটোৱে এন্টাৰ্কটিকা, উত্তৰ মেৰু আৰু মহাসাগৰকে ধৰি পৃথিৱীৰ সৈতে জড়িত বিস্তৃত তথ্য প্ৰেৰণ কৰিব ।
কাভুলুৰুৱে কয় যে নিছাৰে সমগ্ৰ বিশ্বৰ তথ্য সংগ্ৰহ কৰিব আৰু ইয়াক বাণিজ্যিক আৰু বৈজ্ঞানিক কামত ব্যৱহাৰ কৰা হ’ব । কাভুলুৰুৱে কয়, ইছৰোৱে এই তথ্যসমূহ প্ৰক্ৰিয়াকৰণ কৰিব আৰু ইয়াৰ বেছিভাগেই মুক্ত উৎস হিচাপে উপলব্ধ কৰিব, যাতে বিশ্বৰ ব্যৱহাৰকাৰীসকলে ইয়াত সহজে প্ৰৱেশ কৰিব পাৰে । ইয়াৰ দ্বাৰা আমি বনাঞ্চলৰ পৰিৱৰ্তন, পাহাৰৰ অৱস্থান বা স্থানৰ পৰিৱৰ্তন আৰু হিমালয় আৰু এন্টাৰ্কটিকাৰ দৰে অঞ্চলত হিমবাহৰ কাৰ্যকলাপকে ধৰি ঋতুভিত্তিক পৰিৱৰ্তন নিৰীক্ষণ কৰিব পাৰিম ।
১২ দিনত সমগ্ৰ পৃথিৱীৰ তথ্য-
ইছৰোৰ মতে, নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ (নিছাৰ) উপগ্ৰহৰ উৎক্ষেপণে দুয়োটা মহাকাশ সংস্থাৰ মাজত দশকৰো অধিক সময় ধৰি চলি অহা সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব । ইছৰোৱে কয় যে এই উপগ্ৰহটোৱে প্ৰতি ১২ দিনৰ মূৰে মূৰে সমগ্ৰ পৃথিৱী স্কেন কৰিব আৰু দিনে-নিশাই উচ্চ ৰেজোলিউচনৰ তথ্য প্ৰদান কৰিব, সকলো বতৰৰ পৰিস্থিতিত । এই উপগ্ৰহটোৱে পৃথিৱীৰ পৃষ্ঠত হোৱা অত্যন্ত সূক্ষ্ম পৰিৱৰ্তন, যেনে গছ-গছনিৰ পৰিৱৰ্তন, বৰফৰ তৰপ স্থানান্তৰিত হোৱা আৰু মাটিৰ বিকৃতি চিনাক্ত কৰিবলৈ সক্ষম হ’ব ।
লগতে পঢ়ক : প্ৰলয় ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ; লক্ষ্যত নিখুঁত আঘাত