নেপালত নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদৰ গণ পদত্যাগ
Gen Z আন্দোলনৰ পিছৰে পৰা নেপালৰ পৰিস্থিতি ক্ৰমাগতভাৱে অধিক ভয়াৱহ হৈ আহিছে।প্ৰতিবাদকাৰীসকলে সংসদ ভৱন, ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু আদালতত অগ্নি সংযোগ কৰে। আন্দোলন ইমানেই হিংসাত্মক হৈ পৰিছিল যে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰিবলগীয়া হৈছিল।
প্ৰতিবাদকাৰীসকলৰ লক্ষ্য নেতা আৰু এতিয়া ৰাজনৈতিক দলৰ সাংসদৰ গণ পদত্যাগৰ যাত্ৰা আৰম্ভ হৈছে।নেপালৰ তিনিটা দলৰ সাংসদে সামূহিকভাৱে পদত্যাগ কৰিছে। বুধবাৰে নেপালৰ নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদসকলে সংসদৰ সদস্যপদৰ পৰা পদত্যাগ কৰে।
নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদসকলে নিজৰ পদত্যাগত সংসদ ভংগ কৰাৰ দাবী জনাইছে।দলটো নেপালৰ তৃতীয়টো এনে দল,যাৰ সাংসদে সামূহিকভাৱে পদত্যাগ কৰিছে।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি আৰু ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সাংসদসকলেও সামূহিকভাৱে সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছিল।ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ ২১ জন সাংসদ আৰু ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ ১৪ জন সাংসদ আছিল।
লগতে পঢ়ক: তীব্ৰ প্ৰতিবাদৰ মাজতে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগ… GEN-Z আন্দোলনৰ ব্যাপক প্ৰভাৱ