জম্মু-কাশ্মীৰৰ পহলগামত ২২ এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে । ইতিমধ্যে ভাৰতে সন্ত্ৰাসবাদ সন্দৰ্ভত চুবুৰীয়া দেশখনৰ বিৰুদ্ধে ব্যৱস্থা আৰম্ভ কৰিছে । ইয়াৰ মাজতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে অত্যাচাৰ কৰাসকলক শিক্ষা দিয়াটো আমাৰ কৰ্তব্য ।
তেওঁ কয়, “ৰাৱণক তেওঁৰ কল্যাণৰ বাবে হত্যা কৰা হৈছিল । ভগৱানে তেওঁক হত্যা কৰিছিল । এয়া হিংসা নহয় অহিংসা । অহিংসা আমাৰ ধৰ্ম কিন্তু অত্যাচাৰ কৰাসকলক ধৰ্ম শিকোৱাটো অহিংসা । আমি কেতিয়াও আমাৰ ওচৰ-চুবুৰীয়াৰ ক্ষতি নকৰো । ইয়াৰ পিছতো যদি কোনোবাই ভুল পথ গ্ৰহণ কৰে তেন্তে জনসাধাৰণক ৰক্ষা কৰাটো ৰজাৰ কৰ্তব্য । ৰজাই নিজৰ কাম কৰিব ।”
‘যুদ্ধ ধৰ্ম আৰু অধৰ্মৰ মাজত’
আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে, “এই আক্ৰমণৰ দ্বাৰা সোঁৱৰাই দিয়া হৈছে যে এয়া ধৰ্ম আৰু অধৰ্মৰ যুঁজ । মানুহক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সোধা হৈছিল আৰু হত্যা কৰা হৈছিল । হিন্দুসকলে কেতিয়াও এই কাম নকৰে । এইটো আমাৰ স্বভাৱ নহয় । ঘৃণা আৰু শত্ৰুতা কেৱল আমাৰ সংস্কৃতিত নাই কিন্তু মনে মনে লোকচান সহ্য কৰাটোও আমাৰ সংস্কৃতিত নাই । আমাৰ হৃদয়ত যন্ত্ৰণা আছে । আমি ক্ষোভত আছো । আমি বেয়াৰ অন্ত পেলাবলৈ আমাৰ শক্তি দেখুৱাব লাগিব ।”
তেওঁ আৰু কয়, “ৰাৱণকো হত্যা কৰা হৈছিল কাৰণ তেওঁ নিজৰ মন সলনি কৰিবলৈ অস্বীকাৰ কৰিছিল । কোনো বিকল্প বাকী নাছিল । ৰামে তেওঁক হত্যা কৰিছিল যদিও তেওঁক সংস্কাৰৰ সুযোগো দিয়া হৈছিল, যেতিয়া তেওঁ সংস্কাৰ কৰা নাছিল, তেতিয়াহে তেওঁক হত্যা কৰা হৈছিল ।”
মোহন ভাগৱতে কয়, “আমি শক্তিশালী সঁহাৰি আশা কৰিছো । প্ৰকৃততে অহিংস ব্যক্তিও শক্তিশালী হ’ব লাগে । যদি শক্তি নাথাকে তেন্তে বিকল্প নাই কিন্তু শক্তি থাকিলে প্ৰয়োজনৰ সময়ত দৃশ্যমান হ’ব লাগে ।”