মহম্মদ ছিৰাজে ভংগ কৰিলে শচীনৰ অভিলেখ
ভাৰতৰ তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজে মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ এক বৃহৎ অভিলেখ ভংগ কৰিছে।ইংলেণ্ডৰ বিৰুদ্ধে অ’ভালত চলি থকা পঞ্চমখন টেষ্ট মেচত মহম্মদ ছিৰাজে দুৰ্দান্ত বলিং কৰিছে।
ইংলেণ্ডৰ প্ৰথম ইনিংছত মহম্মদ চিৰাজে ১৬.২ অভাৰত ৮৬ ৰানত ৪ উইকেট দখল কৰে।এই সময়ছোৱাত খেলুৱৈ গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰি মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিছে ছিৰাজে।
শচীন টেণ্ডুলকাৰ তেওঁৰ খেলৰ দিনত দুৰ্দান্ত বেটছমেন হোৱাৰ উপৰিও তেওঁ এজন বিশেষজ্ঞ লেগ স্পিনাৰো আছিল।
শচীন টেণ্ডুলকাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০১টা উইকেট দখল কৰিছে ।কিন্তু এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীন টেণ্ডুলকাৰক পিছ পেলাই ২০৩টা উইকেট দখল কৰিছে মহম্মদ ছিৰাজে।
ছিৰাজে টেষ্ট মেচত ১১৮টা, এদিনীয়াত ৭১টা আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৪টা উইকেট দখল কৰিছে। আনহাতে শচীন টেণ্ডুলকাৰে টেষ্টত ৪৬টা, এদিনীয়াত ১৫৪টা আৰু টি-২০ ইণ্টাৰনেশ্যনেলত ১টা উইকেট দখল কৰিছে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ছিৰাজৰ নাম এতিয়া মুঠ ২০৩টা উইকেট দখল কৰাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে।একে সময়তে শচীন টেণ্ডুলকাৰৰ মুঠ ২০১টা উইকেটৰ কৃতিত্ব আছে।
ছিৰাজে এই কৃতিত্ব অৰ্জন কৰে যেতিয়া তেওঁ দ্ৰুত বলাৰৰ অনুকূল অ’ভাল পিটচত ইংলেণ্ডৰ ৪ জন বেটছমেনক আউট কৰে।
লগতে পঢ়ক: ‘আত্মহত্যা কৰিবলৈ মন গৈছিল…’; বিবাহ বিচ্ছেদক লৈ যুজবেন্দ্ৰ চাহালে ভংগ কৰিলে মৌনতা