কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেট বৈঠকত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কথা উল্লেখ কৰিছে। তেওঁ এখন সংবাদ মেল সম্বোধন কৰি কয় যে মোদী চৰকাৰে সমগ্ৰ দেশতে জাতি গণনা কৰিব। ইয়াৰ লগতে কৃষক সকলৰ হিতৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।
কেবিনেট বৈঠকৰ পিছত অশ্বিনী বৈষ্ণৱে কয় যে মোদী চৰকাৰে সমগ্ৰ দেশতে এতিয়া জাতি গণনা কৰিব। জনগণনাৰ লগতে জাতিৰো গণনা কৰা হ’ব।
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ছুপাৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, য’ত কেন্দ্ৰীয় মন্ত্ৰী সভাৰ কেইবাজনো মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।
সংবাদমেল খনত অশ্বিনী বৈষ্ণৱে লগতে কয় যে পৰৱৰ্তী লোকপিয়লত জাতি লোকপিয়লো অন্তৰ্ভুক্ত কৰা হ’ব। ই এক ঐতিহাসিক পদক্ষেপ বুলি বিবেচিত হৈছে, কাৰণ এতিয়ালৈকে জাতি লোকপিয়ল মৌলিক লোকপিয়লৰ অংশ হোৱা নাই।
তেওঁ লগতে কয় যে, “কিছুমান ৰাজ্যই নিজা পৰ্যায়ত জাতিগত জৰীপ কৰিছে, কিন্তু সামাজিক তন্ত্ৰ বুজিবলৈ হ’লে এক সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন।
জাতি জনগণনাক লৈ তেওঁ কংগ্ৰেছক লক্ষ্য কৰি লয়। তেওঁ কয় যে জাতি লোকপিয়ল কংগ্ৰেছে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল।কংগ্ৰেছ চৰকাৰসমূহে আজিলৈকে জাতি-জনপিয়লৰ বিৰোধিতা কৰি আহিছে।