এতিয়াৰে পৰা ‘কেৰালাম’ নামেৰে জনা যাব কেৰালাক, মোদী কেবিনেটৰ সিদ্ধান্ত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে কেৰালাৰ নাম সলনি কৰা বিধেয়কখন এতিয়া ৰাজ্য বিধানসভালৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব ।

মঙলবাৰে কেন্দ্ৰীয় কেবিনেটে কেৰালাৰ নাম সলনি কৰি “কেৰালাম” কৰাত অনুমোদন জনায় । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “ভাষাৰ আধাৰত ৰাজ্যখন সৃষ্টি হোৱাৰ পৰাই কেৰালাৰ নাম কেৰালাম ৰখাৰ দাবী উত্থাপন হৈ আহিছে । কেবিনেটে এই দাবীত অনুমোদন জনাইছে ।” চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে কেৰালাৰ নাম সলনি কৰা বিধেয়কখন এতিয়া ৰাজ্য বিধানসভালৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব । তেওঁ লগতে কয় যে নতুন প্ৰধানমন্ত্ৰী কাৰ্যালয় ভৱনত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত ১৪০ কোটি লোকৰ স্বাৰ্থত সকলো সিদ্ধান্ত লোৱাৰ প্ৰস্তাৱ গৃহীত কৰা হয় ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এইখনেই আছিল প্ৰথমখন বৈঠক । কেৰালা বিধানসভাই ২০২৪ চনৰ ২৪ জুনত সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক ৰাজ্যখনৰ নাম আনুষ্ঠানিকভাৱে ‘কেৰালাম’লৈ সলনি কৰিবলৈ আহ্বান জনায় । কেৰালা বিধানসভাই দ্বিতীয়বাৰৰ বাবে এই প্ৰস্তাৱ গৃহীত কৰে কাৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰথম প্ৰস্তাৱটো পৰ্যালোচনা কৰাৰ সময়ত কিছু কাৰিকৰী পৰিৱৰ্তনৰ পৰামৰ্শ দিছিল ।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে বিচাৰিছিল যে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত সকলো ভাষাতে দক্ষিণৰ ৰাজ্যখনৰ নাম কেৰালাৰ পৰা “কেৰালাম”লৈ সলনি কৰক । কেৰালা বিধানসভাই ২০২৩ চনৰ আগষ্ট মাহত একেধৰণৰ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল যদিও গৃহ মন্ত্ৰালয়ে কিছু কাৰিকৰী পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল ।

লগতে পঢ়ক : ভাৰত ভ্ৰমণলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী, প্ৰতিৰক্ষা-প্ৰযুক্তিকে ধৰি বহু বিষয়ত হ’ব আলোচনা

দিল্লী বিস্ফোৰণক সন্ত্ৰাসবাদী আক্ৰমণ আখ্যা কেন্দ্ৰীয় চৰকাৰৰ; দোষীয়ে পাব উচিত শাস্তি

দিল্লী বিস্ফোৰণক সন্ত্ৰাসবাদী আক্ৰমণ আখ্যা কেন্দ্ৰীয় চৰকাৰৰ

সোমবাৰে দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণক কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদী আক্ৰমণ বুলি শ্ৰেণীভুক্ত কৰিছে।

চৰকাৰে কয় যে এই ঘটনা এক জঘন্য অপৰাধ।ইয়াৰ লগতে কেবিনেটে ক্ষিপ্ৰ তদন্তৰো নিৰ্দেশ দিছে।

 বুধবাৰে দিল্লী সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি কেন্দ্ৰীয় কেবিনেটে এক প্ৰস্তাৱ গৃহীত কৰাৰ লগতে নিহত লোক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়,য’ত কেন্দ্ৰীয় চৰকাৰে লালকিল্লাৰ ওচৰত হোৱা গাড়ী বিস্ফোৰণক সন্ত্ৰাসবাদী কাণ্ড বুলি অভিহিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেটৰ প্ৰস্তাৱ পাঠ কৰি কয়,”ৰাষ্ট্ৰবিৰোধী বাহিনীয়ে ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত গাড়ী বিস্ফোৰণ সংঘটিত কৰিছিল”।

“এয়া এক জঘন্য সন্ত্ৰাসবাদী ঘটনা।কেবিনেটে এই সন্ত্ৰাসবাদী আক্ৰমণৰ তাৎক্ষণিক আৰু পেছাদাৰী তদন্তৰ নিৰ্দেশ দিছে যাতে দোষী আৰু তেওঁলোকৰ সহযোগীসকলক চিনাক্ত কৰি কোনো পলম নকৰাকৈ কাঠগৰালৈ আনিব পৰা যায়।সন্ত্রাসবাদৰ সৈতে শূন্য সহনশীল নীতি গ্ৰহণ কৰিব কেন্দ্রই। ”  

তেওঁ কয় যে, “ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰতিজন নাগৰিকৰ সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি সকলো ভাৰতীয়ৰ জীৱন আৰু মংগল সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ দৃঢ়তাক কেবিনেটে পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিছে।”

লগতে পঢ়ক: ভুটানৰ পৰা আহিয়েই দিল্লী বিস্ফোৰণত আহতৰ খবৰ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

মোদী কেবিনেটৰ ডাঙৰ সিদ্ধান্ত; সমগ্ৰ দেশতে হ’ব জাতি গণনা

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেট বৈঠকত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কথা উল্লেখ কৰিছে। তেওঁ এখন সংবাদ মেল সম্বোধন কৰি কয় যে মোদী চৰকাৰে সমগ্ৰ দেশতে জাতি গণনা কৰিব। ইয়াৰ লগতে কৃষক সকলৰ হিতৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

কেবিনেট বৈঠকৰ পিছত অশ্বিনী বৈষ্ণৱে কয় যে মোদী চৰকাৰে সমগ্ৰ দেশতে এতিয়া জাতি গণনা কৰিব। জনগণনাৰ লগতে জাতিৰো গণনা কৰা হ’ব।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ছুপাৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, য’ত কেন্দ্ৰীয় মন্ত্ৰী সভাৰ কেইবাজনো মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

সংবাদমেল খনত অশ্বিনী বৈষ্ণৱে লগতে কয় যে পৰৱৰ্তী লোকপিয়লত জাতি লোকপিয়লো অন্তৰ্ভুক্ত কৰা হ’ব। ই এক ঐতিহাসিক পদক্ষেপ বুলি বিবেচিত হৈছে, কাৰণ এতিয়ালৈকে জাতি লোকপিয়ল মৌলিক লোকপিয়লৰ অংশ হোৱা নাই।

তেওঁ লগতে কয় যে, “কিছুমান ৰাজ্যই নিজা পৰ্যায়ত জাতিগত জৰীপ কৰিছে, কিন্তু সামাজিক তন্ত্ৰ বুজিবলৈ হ’লে এক সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন।

জাতি জনগণনাক লৈ তেওঁ কংগ্ৰেছক লক্ষ্য কৰি লয়। তেওঁ কয় যে জাতি লোকপিয়ল কংগ্ৰেছে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল।কংগ্ৰেছ চৰকাৰসমূহে আজিলৈকে জাতি-জনপিয়লৰ বিৰোধিতা কৰি আহিছে।

‘এক দেশ-এক নিৰ্বাচন’ বিধেয়কত মোদী কেবিনেটৰ অনুমোদন, শীঘ্ৰেই উত্থাপন হ’ব সংসদত !

বৃহস্পতিবাৰে কেবিনেট বৈঠকত মোদী চৰকাৰে এক দেশ, এক নিৰ্বাচন বিধেয়কত অনুমোদন জনাইছে । সূত্ৰই জনোৱা মতে, এতিয়া চৰকাৰে এই বিধেয়কখন সদনত দাখিল কৰিব পাৰিব । এই বিধেয়ক অহা সপ্তাহত এই শীতকালীন অধিবেশনত উত্থাপন হোৱাৰ সম্ভাৱনা আছে ।

প্ৰথমে জে পি চি কমিটী গঠন কৰি সকলো পক্ষৰ পৰা পৰামৰ্শ লোৱা হ’ব । শেষত এই বিধেয়কখন সংসদত উত্থাপন হ’ব আৰু ইয়াক গৃহীত কৰা হ’ব । ইয়াৰ পূৰ্বে ৰামনাথ কোবিন্দ কমিটীয়ে এক দেশ, এক নিৰ্বাচন সম্পৰ্কীয় প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল ।

ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিব জে পি চিয়ে-

সূত্ৰসমূহে জনোৱা মতে, চৰকাৰে এই বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে আৰু দীৰ্ঘদিনীয়া আলোচনা আৰু সহমত গঢ়ি তুলিছে । জে পি চিয়ে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বিতং আলোচনা কৰি এই প্ৰস্তাৱৰ ওপৰত সামূহিক সহমতৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।

বৰ্তমান দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত নিৰ্বাচন অনুষ্ঠিত হয় । এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ।

এতিয়ালৈকে কি হ’ল ?

১৮ ছেপ্টেম্বৰ ২০২৪: কেন্দ্ৰীয় কেবিনেটে এই প্ৰস্তাৱত অনুমোদন জনায় ।

ৰামনাথ কোবিন্দ সমিতিঃ এখন উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনতো অনুমোদন জনোৱা হৈছে । এই কমিটীয়ে সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল ।

১২ ডিচেম্বৰ ২০২৪: কেন্দ্ৰীয় কেবিনেটে এই বিধেয়কত অনুমোদন জনায়, যিখন বিধেয়ক এতিয়া সংসদত উত্থাপন কৰা হ’ব ।