দেশজুৰি চলিলে যুদ্ধৰ আখৰা।ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে কাইলৈ যুদ্ধকালীন সুৰক্ষাৰ নিৰ্দেশ দিয়া হৈছে। ৭ মে’ত সমগ্ৰ দেশজুৰি কেইবাখনো ৰাজ্যত হ’ব মকড্ৰিল।
সাধাৰণ নাগৰিকক শত্ৰুপক্ষৰ আক্ৰমণ পৰা ৰক্ষা পাবৰ বাবে প্ৰশিক্ষণ দিয়াৰ নিৰ্দেশ দিয়া হৈছে। দেশৰ আন আন ৰাজ্যৰ লগতে অসমৰো ২০টা স্থানত হ’ব মকড্ৰিল।উজনি, নামনি, বৰাক সকলোতে হ’ব যুদ্ধৰ আখৰা ।
সেই ২০ টা স্থান হৈছে বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, গোলঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰত হ’ব মকড্ৰিল।
Post Views: 602