আই পি এল ২০২৫
মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছ দলে আই পি এল ২০২৫ৰ প্লে অফত নিজৰ স্থান নিশ্চিত কৰিছে । টেবুল টপাৰ হোৱাৰ বাবে এই চাৰিটা দলৰ মাজত যুঁজ চলি আছে । ইয়াৰ মাজতে আজি মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব পাঞ্জাব কিংছ । এই মেচৰ অন্তত নিশ্চিত হ’ব পইন্ট তালিকাৰ শীৰ্ষত কোন উপনীত হ’ব । প্ৰকৃততে লীগ পৰ্যায়ত মাত্ৰ ২খন মেচ বাকী আছে আৰু এই দুখন মেচৰ ওপৰত নিৰ্ভৰ কৰিব কোনটো দল পইণ্ট টেবুলৰ শীৰ্ষত অৱস্থান কৰিব ।
উল্লেখ্য যে, গুজৰাট টাইটানছে ১৪খন খেলৰ আটাইকেইখন মেচ খেলি বৰ্তমান ১৮ পইণ্ট লাভ কৰিছে । দ্বিতীয় স্থানত থকা পঞ্জাব কিংছৰ বৰ্তমান ১৭ পইণ্ট আছে আৰু তৃতীয় স্থানত থকা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰো বৰ্তমান ১৭ পইণ্ট আছে আৰু দলটোৰ এখন মেচ বাকী আছে । একে সময়তে আজি পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিবলগীয়া মুম্বাই ইণ্ডিয়ানছৰ দলটো চতুৰ্থ স্থানত আছে । যিহেতু মুম্বাইৰ নেট ৰান-ৰেট যথেষ্ঠ ভাল, গতিকে তেওঁলোকে টেবুলত শীৰ্ষস্থান দখল কৰাৰ সম্ভাৱনা অতি প্ৰৱল ।
এম আইৰ পথত আটাইতকৈ ডাঙৰ বাধা-
আই পি এল ২০২৫ত বৰ্তমান ১৬ পইণ্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । যিহেতু মুম্বাইৰ নেট ৰান-ৰেট +১.২৯২, আজিৰ খেলখনত জয়ী হ’লে দলটো পইণ্ট টেবুলৰ শীৰ্ষত উপনীত হ’ব । ইয়াৰ বাবে দলটোৱে পঞ্জাৱ কিংছৰ কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব । পঞ্জাৱ দল নিজেই টেবুল টপাৰ হোৱাৰ দৌৰত আছে । ১৩খন মেচত ৮খনত জয়ৰ পিছত বৰ্তমান পঞ্জাৱৰ ১৭ পইণ্ট আৰু নেট ৰান ৰেট +০.৩২৭ ।
আজি পঞ্জাৱ কিংছক পৰাস্ত কৰিলেহে মুম্বাই টেবুল টপাৰ হ’ব পাৰিব । লগতে দলটোৱে আৰ চি বিয়ে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে তেওঁলোকৰ অন্তিমখন লীগ মেচত পৰাস্ত হোৱাৰ আশা কৰিব লাগিব । ইয়াৰ ফলত আৰ চি বিয়ে ১৭ পইণ্ট লাভ কৰাৰ বিপৰীতে এম আইয়ে ১৮ পইণ্টেৰে শীৰ্ষস্থান দখল কৰিব ।
লগতে পঢ়ক : কামাখ্যা দৰ্শন কৰিলে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে… ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে বিচাৰিলে আশীৰ্বাদ