মঙলবাৰে নিশা পশ্চিম বংগৰ কলকাতাৰ মেচুৱাপট্টি অঞ্চলৰ এখন হোটেলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰল ঘটনা । এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হয় । আনহাতে, ঘটনাত আন বহু লোক আহত হয় বুলি জানিব পৰা গৈছে । খবৰ লাভ কৰি ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।
কলকাতা আৰক্ষী আয়ুক্ত মনোজ কুমাৰ বামাই কয় যে, ৰ্নিশা প্ৰায় ৮:১৫ বজাত ঋতুৰাজ হোটেল চৌহদত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত বুৰাবজাৰৰ জনবহুল অঞ্চলটোত আতংকৰ সৃষ্টি হয় । অট্টালিকাটোৰ খিৰিকী আৰু সৰু সৰু দুৱাৰৰ মাজেৰে বহু লোকে প্ৰাণ ৰক্ষাৰ বাবে চেষ্টা কৰা দেখা যায় । এই সময়তে চতুৰ্থ মহলাৰ পৰা জপিয়াবলৈ চেষ্টা কৰিও বহু লোক আহত হয় । তেওঁ কয় যে ১৪টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দলসমূহে কেইবাজনো লোকক উদ্ধাৰ কৰিছে ।
জুই নিয়ন্ত্ৰণলৈ অনাৰ লগতে উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে বুলিও তেওঁ কয় । ঘটনা সন্দৰক্ভত অধিক তদন্ত অব্যাহত আছে । তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ দল । তেওঁ কয় যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।
১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিয়ন্ত্ৰণলৈ আনে জুই-
ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । কিন্তু জনবহুল অঞ্চল হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ ঘটনাস্থলীত উপস্থিত হোৱাত অসুবিধা হোৱাৰ লগতে কৰ্মচাৰীসকলেও সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । উল্লেখ্য যে বুৰা বজাৰ হৈছে পূব ভাৰতৰ সৰ্ববৃহৎ পাইকাৰী বজাৰ ।