‘অনুপমা’ৰ শ্বুটিং স্থলীত ভয়ংকৰ অগ্নিকাণ্ড
টেলিভিচনৰ জনপ্ৰিয় ধাৰাবাহিক ‘অনুপমা’ৰ চেটত সোমবাৰে পুৱা এক ভয়ংকৰ ঘটনা সংঘটিত হয় ।দাউ দাউ জ্বলি উঠিল সমগ্ৰ চেটটো।
অগ্নিকাণ্ডৰ পিছতে ক’লা ধোঁৱাই চাৰিওফালে আগুৰি ধৰাত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়।অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। এই অগ্নিকাণ্ডত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই বুলিও জানিব পৰা গৈছে।
কেতিয়া আৰু কেনেকৈ লাগিল জুই
জানিব পৰা মতে, আজি পুৱা ৭ বজাৰ পৰা মুম্বাইৰ ফিল্ম চিটিত অৱস্থিত ‘অনুপমা’ ধাৰাবাহিকখনৰ চেটত শ্বুটিং আৰম্ভ হোৱাৰ কথা আছিল।
কিন্তু শ্বুটিং আৰম্ভ হোৱাৰ আগতেই পুৱা প্ৰায় ৬ বজাত তাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিৰাপত্তাৰক্ষী আৰু কিছু সংখ্যক ক্ৰু মেম্বাৰৰ বাহিৰেও চেটত কোনো শিল্পী বা কৰ্মচাৰী উপস্থিত নাছিল।
সেয়ে ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিছতো কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। জানিব পৰা গৈছে যে সেই স্থানত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে জুই নিয়ন্ত্ৰণ কৰিছে, কিন্তু শীতল কৰাৰ কাম চলি আছে।এই অগ্নিকাণ্ডত সমগ্ৰ ষ্টুডিঅ’টো জ্বলি ছাই হৈ পৰিছে।
জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত চেটটোৰ বিস্তৰ ক্ষতিসাধন হৈছে। অগ্নিকাণ্ডৰ ফলত ষ্টুডিঅ’টো সম্পূৰ্ণৰূপে নষ্ট হৈছে।
অগ্নিকাণ্ডটোত লাখ লাখ মূল্যৰ সামগ্ৰী জ্বলি ছাই হৈ পৰিছে। অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
লগতে পঢ়ক: ‘জন নয়গন’ই হ’ব নেকি থালাপথী বিজয়ৰ অন্তিমখন ছবি? অনুৰাগীক দিলে জন্মদিনৰ উপহাৰ