কানাডাত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে মাৰ্ক কাৰ্নি । কানাডাৰ ৰাজহুৱা সম্প্ৰচাৰক চি বি চি আৰু চি টি ভি নিউজে এই তথ্য প্ৰদান কৰিছে । কানাডাত লিবাৰেল পাৰ্টিয়ে একেৰাহে চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠনত সফল হৈছে । কানাডাৰ ৰাজনৈতিক ইতিহাসত এয়া এক ডাঙৰ কৃতিত্ব । এই নিৰ্বাচনত প্ৰাক্তন বেংকাৰ মাৰ্ক কাৰ্নিৰ নেতৃত্বত লিবাৰেল পাৰ্টিয়ে ইতিহাস সৃষ্টি কৰিছে । পিয়েৰ পইলিভৰ নেতৃত্বত কনজাৰ্ভেটিভ পাৰ্টিক পৰাস্ত কৰি দলটোৱে কানাডাৰ নিৰ্বাচনত জয়লাভ কৰিছে । উল্লেখ্য যে, কানাডাক আমেৰিকাৰ সৈতে একত্ৰিত কৰাৰ কথা কোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত মাৰ্ক কাৰ্নিয়ে ধাৰাবাহিকভাৱে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি আহিছে ।
এই নিৰ্বাচনত কাৰ্নিয়ে পিয়েৰ পইলিভ্ৰেক পৰাস্ত কৰে । ৰাজনীতিৰ ক্ষেত্ৰত পইলিভ্ৰ তেওঁতকৈ বহু বেছি অভিজ্ঞ । ২০ বছৰ ধৰি হাউছ অৱ কমনছৰ সদস্য হিচাপে আছে পইলিভ্ৰে । জানুৱাৰী মাহত জাষ্টিন ট্ৰুডোৰ পদত্যাগৰ পিছত কানাডাৰ নিৰ্বাচনত মাৰ্ক কাৰ্নীয়ে লিবাৰেল পাৰ্টিক দ্ৰুতগতিত শক্তিশালী কৰি তুলিছিল আৰু নিজৰ অৰ্থনৈতিক অভিলেখত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কাৰ্নিয়ে নিজকে সংকট পৰিচালক হিচাপে উপস্থাপন কৰিছিল । তেওঁ কানাডাৰ অৰ্থনীতিক ট্ৰাম্পৰ শুল্ক আৰু সম্প্ৰসাৰণবাদী নীতিৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল । তেওঁৰ নেতৃত্বত লিবাৰেল পাৰ্টিয়ে ভোটাৰক আকৰ্ষণ কৰাত সফল হয় ।
উল্লেখ্য যে, মাৰ্ক কাৰ্নীয়ে জি-৭ৰ দুটা কেন্দ্ৰীয় বেংকৰ নেতৃত্ব দিছে । দহ বছৰতকৈও অধিক সময় গোল্ডমেন চেক্সত কাম কৰি আহিছে । ব্ৰুকফিল্ড এচেট মেনেজমেণ্ট আৰু ব্লুমবাৰ্গৰ অধ্যক্ষ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । যেতিয়া ট্ৰাম্প প্ৰশাসনে কানাডাৰ ওপৰত কেইবাটাও শুল্ক আৰোপ কৰিছিল, তেতিয়া কাৰ্নিয়ে ইয়াক এই দেশৰ সন্মানৰ সৈতে সংযোগ কৰিছিল আৰু নিৰ্বাচনত ইয়াৰ সুবিধা লৈছিল । কানাডাৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে দেশখনক একত্ৰিত কৰি ৰাখিব বুলিও কয় কাৰ্নিয়ে ।
কানাডাত আনুষ্ঠানিকভাৱে ২০২৫ চনৰ অক্টোবৰ মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে যোৱা মাহত নতুন নিৰ্বাচনৰ কথা ঘোষণা কৰিছিল । ২০১৫ চনৰ পৰা কানাডাৰ প্ৰধানমন্ত্ৰী হিচাপে থকা জাষ্টিন ট্ৰুডোৱে চলিত বৰ্ষৰ আৰম্ভণিতে পদত্যাগ কৰিছিল, তাৰ পিছত মাৰ্ক কাৰ্নিক নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল । ইয়াৰ পিছত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয় । কানাডাৰ হাউছ অৱ কমনছত আছে ৩৪৩খন আসন । পূৰ্বৰ সংসদত ১৫৩খন আসনেৰে লিবাৰেল পাৰ্টি আছিল সৰ্ববৃহৎ দল ।