পুনৰ অশান্ত মণিপুৰ
মণিপুৰৰ ৰাজধানী ইম্ফলৰ কেইবাটাও স্থানত শনিবাৰে নিশা আৰম্বাই টেংগোলেৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদৰ সৃষ্টি হয়।
প্ৰতিবাদকাৰীসকলৰ ভিতৰত বেছিভাগেই আছিল মেইটেই স্বেচ্ছাসেৱী গোট আৰামবাই টেংগল (এ টি)ৰ সদস্যৰ যুৱক-যুৱতী।
নেতাগৰাকীক মুক্তিৰ দাবীত কোৱাকেথেল আৰু উৰিপকত পথৰ মাজত টায়াৰ আৰু পুৰণি আচবাব জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
এজন বিষয়াই কয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এই অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
নেতা কানন সিঙৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা দেখা গ’ল। ইফালে, ইম্ফালৰ কোৱাকেথেল অঞ্চলত বন্দুকৰ গুলীৰ শব্দও শুনিবলৈ পোৱা গৈছে।
৫জিলাত কৰ্তন ইন্টাৰনেট সেৱা
মণিপুৰ চৰকাৰে উপত্যকাটোৰ পাঁচখন জিলা – ইম্ফল পশ্চিম, ইম্ফল পূৱ, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং-ত শনিবাৰে নিশা ১১.৪৫ বজাৰ পৰা ৫ দিনৰ বাবে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে।
উপায়ুক্ত সহ সচিব (গৃহ) এন অশোক কুমাৰে জাৰি কৰা আদেশত কয়, “বিশেষকৈ ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাত প্ৰচলিত আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি,একাংশই ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰি ফটো, গালি-গালাজ আৰু ভিডিঅ’ বাৰ্তা সম্প্ৰচাৰ কৰি জনসাধাৰণক উত্তেজিত কৰিব পাৰে বুলি আশংকা কৰা হৈছে।
যাৰ ফলত ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।””জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি একপক্ষীয়ভাৱে এই নিৰ্দেশ দিয়া হৈছে।
আদেশ উলংঘা কৰাৰ দোষী সাব্যস্ত হোৱা কোনো লোকে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও তেওঁ কয়।
লগতে পঢ়ক: হাউচফুল ৫ এ বক্স অফিচত লগালে হাহাকাৰ; ২ দিনত উপাৰ্জন ৫০ কোটি