ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল ইণ্ডোগোৰ বিমান
দেওবাৰে (১৪ ছেপ্টেম্বৰ) উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ বিমানবন্দৰত দেখা গ’ল এক বুকু কঁপি যোৱা দৃশ্য । ইয়াত দিল্লীলৈ যোৱা ইণ্ডিগোৰ এখন বিমান টেক অফৰ সময়ত ৰাণৱেত ৰৈ গৈছিল । সময়মতে বিমানখন ৰখাই ১৫১জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰে কেপ্তেইনে । এই বিমানখনত সমাজবাদী পাৰ্টিৰ সাংসদ তথা এছ পিৰ সভাপতি অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱো আছিল ।
জানিব পৰা মতে ইণ্ডোগোৰ বিমানখনে ৰাণৱেত গতি বৃদ্ধি কৰিছিল যদিও বতাহত উৰা মাৰিব পৰা নাছিল । বিমানখনৰ কেপ্তেইনে কৌশলেৰে ৰাণৱে শেষ হোৱাৰ আগতেই বিমানখন ৰখাই দিয়ে । এই ঘটনাৰ বাবে বিমানখনৰ যাত্ৰীসকল আতংকিত হৈ পৰে । অৱশ্যে আটাইকেইজন যাত্ৰী সুৰক্ষিত হৈ আছে বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত বিমান সংস্থাটোৱে আন এখন বিমানেৰে সকলো যাত্ৰীকে দিল্লীলৈ পঠিয়াই ।
চুৰাটৰ পৰা ডুবাই অভিমুখী উৰাজাহাজতো সমস্যা-
ইয়াৰ পূৰ্বে শেহতীয়াকৈ চুৰাটৰ পৰা ডুবাই অভিমুখী ইণ্ডিগোৰ বিমান এখন উৰণৰ সময়ত হোৱা কাৰিকৰী সমস্যাৰ বাবে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ডাইভাৰ্ট কৰিবলগীয়া হয় । এই বিমানখনত ১৭০ জনতকৈ অধিক যাত্ৰী আছিল । বিষয়াসকলে কয় যে ই জৰুৰীকালীন অৱতৰণ নহয় যদিও কাৰিকৰী সমস্যাৰ বাবে নিৰাপদ পৰিচালনা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হয় ।
উৰণৰ সময়ত বিমানখনত কিছু কাৰিকৰী সমস্যাৰ সৃষ্টি হয় । ইয়াৰ বাবে পাইলটে চুৰাটৰ পৰা ডুবাইৰ পৰিৱৰ্তে আহমেদাবাদত বিমানখন অৱতৰণ কৰাৰ সিদ্ধান্ত লয় । বিষয়াসকলে স্পষ্ট কৰি দিয়ে যে যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হয় । ইণ্ডিগো এয়াৰলাইন্সে লগে লগে আন এখন বিমানৰ ব্যৱস্থা কৰে যাতে সকলো যাত্ৰীয়ে ডুবাইত নিজৰ গন্তব্যস্থানত নিৰাপদে উপস্থিত হ’ব পাৰে । যাত্ৰীসকলে কোনো ধৰণৰ আঘাত বা অসুবিধাৰ সন্মুখীন হোৱা নাই ।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প