মুম্বাই-পুনে এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
মুম্বাই-পুনে এক্সপ্ৰেছৱেত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । অনিয়ন্ত্ৰিত ট্ৰেইলাৰৰ ব্ৰেক ফেইল হোৱাত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলাৰখনে ২০খনকা বাহনত মহতিয়াই নিয়ে । দুৰ্ঘটনাটোৰ পিছত এক্সপ্ৰেছৱে’ত প্ৰচণ্ড যান-যঁটৰ সৃষ্টি হয় । ৫ কিলোমিটাৰ পৰ্যন্ত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয় । ট্ৰেইলাৰখনৰ সংঘৰ্ষ ইমানেই প্ৰবল আছিল যে প্ৰায় তিনিখন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় । আন বহু যান-বাহনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বহু যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমানলৈকে এই দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে ১৫ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।
মুম্বাই-পুনে এক্সপ্ৰেছৱে হৈছে আটাইতকৈ ব্যস্ত এক্সপ্ৰেছৱে । ছুটিৰ দিন হোৱাৰ বাবে শনিবাৰে বহু যান-জঁটৰ সৃষ্টি হৈছিল আৰু ইয়াৰ মাজতে দুৰ্ঘটনাৰ বাবে বাহনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয় । খোপোলি অঞ্চলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা । তথ্য অনুসৰি নতুনকৈ নিৰ্মাণ কৰা সুৰংগটোৰ সমীপত এখন অনিয়ন্ত্ৰিত ট্ৰেইলাৰে প্ৰায় ২০খন বাহনত খুন্দা মাৰে । নতুন সুৰংগ আৰু ফুডমল হোটেলৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা । এই ঘটনাত বহু লোক আহত হোৱাৰ লগতে দুৰ্ঘটনাৰ পিছত বাহনৰ চলাচলত প্ৰভাৱ পৰিছে ।
লগতে পঢ়ক : তামিলনাডুৰ অভূতপূৰ্ব অগ্ৰগতি বিকশিত ভাৰতৰ চালিকা শক্তি… ৪,৯০০ কোটি টকাৰ উপহাৰ দি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ