লিয়নেল মেছিৰ ডাঙৰ ঘোষণা
ফুটবলৰ অন্যতম ডাঙৰ তাৰকা লিয়নেল মেছিয়ে আৰ্জেণ্টিনাৰ সৈতে তেওঁৰ যাত্ৰা শেষ পৰ্যায়ত উপনীত হোৱাৰ এটা ডাঙৰ ইংগিত দিছে।
এটা সাক্ষাৎকাৰত ৩৮ বছৰীয়া মেছিয়ে কয় যে ৪ ছেপ্টেম্বৰত বুয়েনছ আয়াৰ্ছত ভেনিজুৱেলাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ কোৱালিফায়াৰ হয়টো তেওঁৰ অন্তিমখন ঘৰুৱা খেল হ’ব।
ইতিমধ্যে আৰ্জেণ্টিনাই ২০২৬ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু ৩৫ পইণ্টৰ সৈতে দক্ষিণ আমেৰিকাৰ টেবুলৰ শীৰ্ষত আছে।
কিন্তু মেছিৰ বাবে বুয়েনছ আয়াৰ্ছৰ এষ্টাডিঅ’ মনুমেণ্টেলত অনুষ্ঠিত হ’বলগীয়া এই মেচখন কেৱল এখন প্ৰতিযোগিতা নহয়,বৰঞ্চ এইটো তেওঁৰ বাবে অতি আৱেগিক মুহূৰ্ত হ’ব।
লীগ কাপৰ ছেমি ফাইনেলত ইণ্টাৰ মিয়ামীয়ে অৰলেণ্ডো চিটিক পৰাস্ত কৰাৰ পিছত মেছিয়ে কয় -এইটো মোৰ বাবে বিশেষ হ’ব,অতি বিশেষ মেচ হ’ব, কাৰণ এইখন মোৰ শেষ কোৱালিফায়াৰ খেল।
মই নাজানো ইয়াৰ পিছত কোনো প্ৰীতি বা অন্যান্য মেচ হ’ব নে নাই…কিন্তু হয়, এই মেচখন মোৰ বাবে অতি বিশেষ আৰু সেইবাবেই মোৰ গোটেই পৰিয়ালটো মোৰ লগত থাকিব।
মোৰ পত্নী, মোৰ সন্তান, মোৰ মা-দেউতা, মোৰ ভাই-ভনী আৰু মোৰ পত্নীৰ ফালৰ পৰা যিমান পাৰি সিমান আত্মীয়।ইয়াৰ পিছত কি হ’ব নাজানো, কিন্তু বৰ্তমান এইটোৱেই আমাৰ কেন্দ্ৰবিন্দু।
বিশ্বকাপৰ কোৱালিফায়াৰত মেছিয়ে ১৯৩খন খেল খেলিছে আৰু ৩১টা গ’ল কৰি অভিলেখ সৃষ্টি কৰিছে ।এই সময়ছোৱাত তেওঁ আৰ্জেণ্টিনাৰ হৈও বহু স্মৰণীয় প্ৰদৰ্শন আগবঢ়াইছিল।
লগতে পঢ়ক: ‘দেউতাৰ কথা শুনিব লাগিব…’; অভিষেক মেচৰ পাছতে আৰ্যবীৰ ছেহৱাগৰ মন্তব্য