ফিফা বিশ্বকাপ ২০২৬: গোল্ডেন বুটৰ দৌৰত মেছি-এমবাপেৰ তুমুল যুঁজ, হেৰী কেইনৰ চমকপ্ৰদ এন্ট্ৰি

ফিফা বিশ্বকাপৰ এই মহাযুদ্ধত বৰ্তমান কোনে সৰ্বাধিক গ’ল দি আগবাঢ়ি আছে, আহক এক চকু ফুৰাওঁ…

ফিফা বিশ্বকাপ ২০২৬ ক্ৰমান্বয়ে ৰোমাঞ্চকৰ দিশলৈ গতি কৰিছে । ইংলেণ্ডৰ অধিনায়ক হেৰী কেইনে কঙ্গো ডিআৰৰ বিৰুদ্ধে শেষ মুহূৰ্তত এটা আকৰ্ষণীয় ব্ৰেচ (দুটা গ’ল) স্ক’ৰ কৰি গোল্ডেন বুটৰ দৌৰ তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ সৈতে তেওঁ নৰৱেৰ তাৰকা আৰ্লিং হালেণ্ডৰ সমকক্ষ হৈ পৰিছে আৰু তালিকাৰ শীৰ্ষত থকা লিয়নেল মেছি তথা কাইলিয়ান এমবাপেৰ অতি ওচৰ চাপিছে ।

৭৫ আৰু ৮৬ মিনিটত কৰা গ’লেৰে হেৰী কেইনে খেলৰ শেষৰ ফালে দেখুওৱা এক চমৎকাৰ প্ৰদৰ্শনে ডিআৰ কঙ্গোক ২-১ ব্যৱধানত পৰাস্ত কৰি ইংলেণ্ডক ৰাউণ্ড অৱ ১৬ লৈ লৈ যায় ।

ফুটবল বিশ্বৰ এই মহাযুদ্ধত বৰ্তমান কোনে সৰ্বাধিক গ’ল দি আগবাঢ়ি আছে, আহক এক চকু ফুৰাওঁ গোল্ডেন বুটৰ শেহতীয়া তালিকাত :

কাইলিয়ান এমবাপে- ফ্ৰান্স

গ’ল: ৬, এচিষ্ট: ২, মেচ: ৪

এমবাপেই বৰ্তমান গোল্ডেন বুটৰ দৌৰত আগবাঢ়ি আছে । চেনেগালৰ বিৰুদ্ধে ব্ৰেচেৰে অভিযান আৰম্ভ কৰা এমবাপেই ইৰাকৰ বিৰুদ্ধেও দুটা গ’ল দিছিল । ৰাউণ্ড অৱ ৩২ ৰ খেলখনত ছুইডেনৰ বিৰুদ্ধে ফ্ৰান্সৰ ৩-০ ৰ জয়ত তেওঁ আন এটা ব্ৰেচ স্ক’ৰ কৰি সামগ্ৰিক গ’লৰ সংখ্যা ৬ টা কৰে । ইয়াৰ সৈতে এমবাপেৰ সৰ্বমুঠ বিশ্বকাপৰ গ’লৰ সংখ্যা ১৮ টা হৈছে, যাৰ ফলত তেওঁ সৰ্বকালৰ সৰ্বাধিক গ’লদাতাৰ তালিকাত মেছিৰ ঠিক পিছতে (দ্বিতীয় স্থানত) অৱস্থান কৰিছে ।

লিয়নেল মেছি- আৰ্জেণ্টিনা

গ’ল: ৬, এচিষ্ট: ০, মেচ: ৩

আৰ্জেণ্টিনাৰ কিংবদন্তি লিয়নেল মেছিয়ে আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰি অভিযান আৰম্ভ কৰিছিল । ৩৮ বছৰ ৩৫৭ দিন বয়সত মেছিয়ে বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে হেট্ৰিক কৰাৰ অভিলেখ গঢ়ে । ইয়াৰ পিছত অট্ৰিয়াৰ বিৰুদ্ধে এটা ব্ৰেচ আৰু জৰ্ডানৰ বিৰুদ্ধে এটা গ’ল দি তেওঁ নিজৰ গ’লৰ সংখ্যা ৬ টা কৰে । বৰ্তমান ১৯ টা কেৰিয়াৰ বিশ্বকাপ গ’লেৰে তেওঁ ইতিহাসৰ সৰ্বাধিক গ’লদাতা । অৱশ্যে এচিষ্ট নথকাৰ বাবে তেওঁ এমবাপতকৈ সামান্য পিছপৰি আছে ।

আৰ্লিং হালেণ্ড- নৰৱে

গ’ল: ৫, এচিষ্ট: ০

নৰৱেৰ গ’ল মেচিন আৰ্লিং হালেণ্ডে ইৰাকৰ বিৰুদ্ধে ব্ৰেচ আৰু চেনেগালৰ বিৰুদ্ধে দুটা গ’ল কৰিছিল । ইয়াৰ পিছত আইভৰি কোষ্টৰ বিৰুদ্ধে ৰাউণ্ড অৱ ৩২ ৰ খেলত তেওঁ আন এটা গ’ল কৰে । ৫ টা গ’লেৰে হালেণ্ড বৰ্তমান তৃতীয় স্থানত আছে আৰু ৰাউণ্ড অৱ ১৬ ত ব্ৰাজিলৰ বিৰুদ্ধে তেওঁ পুনৰ আক্ৰমণাত্মক ৰূপত দেখা পোৱাৰ সম্ভাৱনা আছে ।

হেৰী কেইন- ইংলেণ্ড

গ’ল: ৫, এচিষ্ট: ০

ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত ব্ৰেচ স্ক’ৰ কৰা কেইনে পানামাৰ বিৰুদ্ধেও এটা গ’ল কৰিছিল । কঙ্গো ডিআৰৰ বিৰুদ্ধে যেতিয়া ইংলেণ্ড ০-১ ত পিছপৰি আছিল, তেতিয়া কেইনে শেষ মুহূৰ্তত দুটা গ’ল দি দলক ২-১ ৰ এক মহাকাব্যিক জয় উপহাৰ দিয়ে । এই প্ৰদৰ্শনৰ জৰিয়তে ৫ টা গ’লেৰে তেওঁ এতিয়া হালেণ্ডৰ সৈতে যুটীয়াভাৱে তৃতীয় স্থানত আছে ।

তালিকাৰ আন দুই তাৰকা:

ওচমান ডেম্বেলে ফ্ৰান্স): ৪ টা গ’ল আৰু ২ টা এচিষ্টৰ সৈতে তেওঁ চতুৰ্থ স্থানত আছে । নৰৱেৰ বিৰুদ্ধে তেওঁ এটা চমৎকাৰ হেট্ৰিক অৰ্জন কৰিছিল ।

ভিনিচিয়াছ জুনিয়ৰ (ব্ৰাজিল): ৪ টা গ’ল আৰু ১ টা এচিষ্টৰ সৈতে ব্ৰাজিলৰ এই তাৰকা খেলুৱৈগৰাকী তালিকাৰ পঞ্চম স্থানত আছে ।

লগতে পঢ়ক : মেছিৰ ১০ নম্বৰ জাৰ্ছিত ষ্টেডিয়ামত যশস্বী জয়ছোৱাল!

বয়স কেৱল এটা সংখ্যা! ফুটবল বিশ্বকাপ ২০২৬-ত ৰাজত্ব কৰিছে এইসকল কিংবদন্তিয়ে

ক্ৰিষ্টিয়ানো ৰোনাল্ডো, লিয়নেল মেছিৰ পৰা আৰম্ভ কৰি গুইলেৰ্মো অ’চোৱালৈকে- জানক কেনেকৈ এই তাৰকাসকলে ২০২৬ বিশ্বকাপত বয়সক প্ৰত্যাহ্বান জনাইছে

প্ৰায় ডেৰ দশক আগলৈকে ৩০ বছৰ অতিক্ৰম কৰাৰ লগে লগে খেলুৱৈসকলক বৃদ্ধ বুলি গণ্য কৰা হৈছিল । কিন্তু এতিয়া সময় সলনি হ’ল ! আজিৰ তাৰিখত বিজ্ঞান আৰু আধুনিক প্ৰশিক্ষণৰ সহায়ত খেলুৱৈসকলে নিজৰ কেৰিয়াৰ দীঘলীয়া কৰিবলৈ সক্ষম হৈছে ।

ফুটবলৰ জগতৰ মহান খেলুৱৈ পেলে, মাৰাডোনা আৰু জিনেদিন জিদানো ৩৭ বছৰ বয়সত ফুটবলৰ পৰা অৱসৰ লৈছিল । বিৰাট কোহলী (৩৭ বছৰ), ৰোহিত শৰ্মা (৩৮ বছৰ), লিয়নেল মেছি (৩৯ বছৰ) আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো (৪১ বছৰ)ৰ দৰে খেলুৱৈসকলকো প্ৰশংসা কৰিবই লাগিব, যিয়ে বয়স প্ৰত্যাহ্বান জনাইছে আৰু ২০২৬ চনতো তেওঁলোকৰ প্ৰভাৱ অক্ষুণ্ণ ৰাখিছে ।

২০২৬ চনৰ ফিফা বিশ্বকাপত এনে বহুতো খেলুৱৈ দেখা গৈছে, যিয়ে নিজৰ বয়সক পৰাস্ত কৰি উজলি উঠাৰ লগতে চলিত এই প্ৰতিযোগিতাত ৰাজত্ব কৰিছে ।

ক্ৰিষ্টিয়ানো ৰোনাল্ডো (৪১ বছৰ): এতিয়াও অপ্ৰতিৰোধ্য

পৰ্তুগীজ অধিনায়ক CR7-ৰ গতি আৰু দক্ষতা এতিয়াও সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীৰ বাবে বিস্ময় । ২৩৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ১৪৫টা গ’ল কৰি তেওঁ অভিলেখ সৃষ্টি কৰিছে । একেৰাহে ৬খন বিশ্বকাপত গ’ল কৰা তেওঁ বিশ্বৰ প্ৰথমজন খেলুৱৈ । চলিত বিশ্বকাপত তেওঁৰ নামত ১০টা গ’ল আছে ।

ভোজিনহা (৪০ বছৰ): কেপ ভাৰ্ডেৰ চুপাৰষ্টাৰ

মাত্ৰ ৫ লাখ জনসংখ্যাৰ দেশ কেপ ভাৰ্ডে আজি ফুটবল জগতত চৰ্চিত হৈছে ৪০ বছৰীয়া গ’লৰক্ষক ভোজিনহাৰ বাবে । ৪০ বছৰ ১২ দিন বয়সত বিশ্বকাপত অভিষেক কৰি তেওঁ এক নতুন অভিলেখ গঢ়িলে । ইনষ্টাগ্ৰামত তেওঁৰ অনুগামীৰ সংখ্যা ১৬ মিলিয়নলৈ বৃদ্ধি পোৱাটোৱেই তেওঁৰ জনপ্ৰিয়তাৰ প্ৰমাণ ।

লিয়নেল মেছি (৩৯ বছৰ): ফুটবলৰ জীৱন্ত কিংবদন্তি

চলিত বিশ্বকাপত বয়সক অৱজ্ঞা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা নামবোৰৰ ভিতৰত লিয়নেল মেছি অন্যতম । ৩৯ বছৰ বয়সতো মেছিৰ দক্ষতা আৰু গ’ল কৰাৰ ক্ষমতা পূৰ্বতকৈও যেন অধিক চোকা হৈ পৰিছে । এই বিশ্বকাপত তেওঁ নিজৰ প্ৰদৰ্শনৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কেৱল এজন খেলুৱৈ নহয়, বৰঞ্চ ফুটবলৰ এক জীৱন্ত কিংবদন্তি । মেছিয়ে চলিত বিশ্বকাপত এটা হেট্ৰিকসহ ৫টা গ’লেৰে ২০২৬ ফিফা বিশ্বকাপৰ সৰ্বোচ্চ গ’লদাতাৰ তালিকাত শীৰ্ষত আছে আৰু ১৮টা গ’লেৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ’ল কৰা খেলুৱৈৰ অভিলেখ গঢ়িছে ।

এলয় ৰুম (৩৭ বছৰ): কুৰাচাওৰ দুৰ্ভেদ্য প্ৰাচীৰ

বিশ্বৰ আটাইতকৈ সৰু দেশ কুৰাচাওৰ গ’লপোষ্টত এলয় ৰুম এক দুৰ্ভেদ্য দেৱাল । ইকুৱেডৰৰ বিৰুদ্ধে ১৫টা ‘ছেভ’ কৰি তেওঁ টিম হাৱাৰ্ডৰ বিশ্ব অভিলেখৰ সমকক্ষ হৈছে ।

ক্ৰেগ গৰ্ডন (৪৩ বছৰ): স্কটলেণ্ডৰ অভিজ্ঞ হাত

ব্ৰাজিলৰ শক্তিশালী আক্ৰমণক ওফৰাই ৪৩ বছৰীয়া ক্ৰেগ গৰ্ডনে প্ৰমাণ কৰিলে যে অভিজ্ঞতাৰ কোনো বিকল্প নাই । ব্ৰাজিলে একেৰাহে কমেও ৮টা শ্বট টার্গেটৰ দিশে মাৰিছিল, কিন্তু ক্ৰেগ গৰ্ডনে ৮টাৰ ভিতৰত ৫টাকৈ শ্বট ৰক্ষা কৰে । বিশ্বকাপ খেলা বিশ্বৰ দ্বিতীয়গৰাকী আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে তেওঁ নিজৰ নাম খোদিত কৰিছে ।

গুইলেৰ্মো অ’চোৱা (৪০ বছৰ): মেক্সিকোৰ মেমো

মেক্সিকোৰ বাবে এই বিশ্বকাপত কোনো গ’ল নোখোৱাৰ আঁৰত আছে অ’চোৱাৰ হাত । তেওঁ ঘোষণা কৰিছে যে এয়া তেওঁৰ শেষ বিশ্বকাপ আৰু তেওঁ নিজৰ শেষ খেলখন স্মৰণীয় কৰি ৰাখিবলৈ সাজু ।

লুকা মড্রিচ আৰু মেনুৱেল নয়্যৰ: চিৰসেউজ তাৰকা

ক্ৰোয়েছিয়াৰ ‘হৃদস্পন্দন’ লুকা মড্রিচ আৰু জাৰ্মানীৰ ‘চুইপাৰ কীপাৰ’ মেনুৱেল নয়্যৰ-এই দুই কিংবদন্তিয়ে নিজৰ পঞ্চমখন বিশ্বকাপত খেলি আছে । তেওঁলোকৰ নেতৃত্ব আৰু দক্ষতা এতিয়াও নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে আদৰ্শ । মেনুৱেল নয়্যৰক তেওঁৰ অসাধাৰণ গতিৰ বাবে ‘চুইপাৰ কীপাৰ’ বুলিও কোৱা হয় ।

এইসকল ফুটবল তাৰকাৰ ওপৰিও চলিত বিশ্বকাপত উৰুগুৱেৰ ফাৰ্নাণ্ডো মুছলেৰা (৪০ বছৰ), জাপানৰ ৩৯ বছৰীয়া লেফট-বেক ইউতো নাগাতোমো, ইজিপ্তৰ ৩৯ বছৰীয়া মাহদি চুলেইমান, আমেৰিকাৰ ৩৮ বছৰীয়া ডিফেণ্ডাৰ টিম ৰিম, আৰ্জেন্টিনাৰ ৩৮ বছৰীয়া ডিফেণ্ডাৰ নিকোলাছ অটামেন্দি আৰু নিউজীলেণ্ডৰ ৩৯ বছৰীয়া ডিফেণ্ডাৰ মাইকেল বক্সালৰ আদি খেলুৱৈসকলে প্ৰমাণ কৰিছে যে ইচ্ছাশক্তি আৰু সঠিক অনুশাসনে বয়সৰ সীমাবদ্ধতাক ভাঙি পেলাব পাৰে । ২০২৬ চনৰ এই বিশ্বকাপ কেৱল ট্ৰফীৰ বাবে নহয়, বৰঞ্চ এই কিংবদন্তিসকলৰ অদম্য প্ৰদৰ্শনৰ বাবেও ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬ৰ চমক: ভংগ হ’ল সৰ্বাধিক দৰ্শকৰ পূৰ্বৰ সকলো অভিলেখ!

ৱাংখেড়েত শচীন আৰু মেছিৰ যুগলবন্দী… সোণালী মুহূৰ্ত বুলি অভিহিত মাষ্টাৰ ব্লাষ্টাৰৰ

দেওবাৰে মুম্বাইৰ ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত দেখা গ’ল শচীন আৰু মেছিৰ যুগলবন্দী । ষ্টেডিয়ামত দুয়োজন মহাতাৰকাক একেলগে দেখা পায় উৎফুল্লিত হৈ পৰে অনুৰাগী ।

দেওবাৰে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিয়নেল মেছিৰ ভাৰত ভ্ৰমণৰ দ্বিতীয় দিন । কলকাতা আৰু হায়দৰাবাদৰ পাছত দেওবাৰে মেছিয়ে পৰৱৰ্তী ষ্টপেজৰ বাবে মুম্বাইত উপস্থিত হয় । মুম্বাইত মেছিয়ে কেইবাটাও অনুষ্ঠানত অংশ লয় । এই সময়ত মেছিয়ে তেওঁক চাবলৈ বৃহৎ সংখ্যক দৰ্শক অহা ৱাংখেড়ে ষ্টেডিয়ামত উপস্থিত হয় । ভাৰতৰ কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু ভাৰতীয় ফুটবল দলৰ মহান খেলুৱৈ সুনীল ছেত্ৰীও ৱাংখেড়েত উপস্থিত থাকে ।

মেছিয়ে লাভ কৰিলে বৃহৎ আদৰণি-

ৱাংখেড়ে ষ্টেডিয়ামত উপস্থিত হোৱাৰ লগে লগে মেছিক বৃহৎ আদৰণি জনোৱা হয় । তেওঁ আহি পোৱাৰ লগে লগে দৰ্শকে “মেছি…মেছি” বুলি চিঞৰি উঠে । ৱাংখেড়ে ষ্টেডিয়ামত মেছিয়ে দৰ্শকক মনোৰঞ্জন কৰে ।

ফাড়নৱিছে আৰম্ভ কৰিলে প্ৰজেক্ট মহাদেৱ-

চাৰি চহৰৰ GOAT ইণ্ডিয়া ভ্ৰমণৰ তৃতীয় লেগত ৱাংখেড়ে ষ্টেডিয়ামত এঘণ্টা সময় কটায় মেছিয়ে । তেওঁ যুৱ ফুটবল খেলুৱৈ, কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰী আৰু মনোৰঞ্জন জগতৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে এই অনুষ্ঠানত ‘প্ৰজেক্ট মহাদেৱ’ৰ কথা ঘোষণা কৰে, যাৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যৰ যুৱ ফুটবল খেলুৱৈক চিনাক্ত আৰু বিকাশ কৰা ।

মেছি আৰু শচীনৰ যুগলবন্দী-

আইকনিক ৱাংখেড়ে ষ্টেডিয়ামে মেছি আৰু ক্ৰিকেট কিংবদন্তি শচীন টেণ্ডুলকাৰক একেলগে আতিথ্য দি ভাৰতীয় ক্ৰীড়া ইতিহাসত আন এক গৌৰৱময় অধ্যায় সংযোজন কৰে । শচীনেও মেছিক উষ্ম আদৰণি জনায় । তেওঁ মেছিৰ মুম্বাই ভ্ৰমণক মহানগৰ আৰু দেশৰ বাবে এক সোণালী মুহূৰ্ত বুলি অভিহিত কৰে । টেণ্ডুলকাৰে মেছিৰ ভ্ৰমণক ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপত একেখন খেলপথাৰতে জয়লাভ কৰাৰ সৈতে তুলনা কৰে, যেতিয়া তেওঁ ইণ্টাৰ মিয়ামিৰ সতীৰ্থ লুইছ ছুৱেৰেজ আৰু ৰড্ৰিগো ডি পলৰ সৈতে আহিছিল । টেণ্ডুলকাৰে মেছিক তেওঁৰ অটোগ্ৰাফযুক্ত ১০ নম্বৰৰ জাৰ্চি উপহাৰ দিয়ে । ইয়াৰ বিনিময়ত আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অধিনায়ক মেছিয়ে এটা ফুটবল উপহাৰ দিয়ে ।

শচীনে কয়, “মই ইয়াত কিছুমান অবিশ্বাস্য মুহূৰ্ত কটালোঁ । আমি কোৱাৰ দৰে মুম্বাই হৈছে সপোনৰ নগৰ আৰু এই স্থানত বহু সপোন বাস্তৱায়িত হৈছে । আপোনালোকৰ সহায় অবিহনে আমি ২০১১ চনত এই মাটিত সেই সোণালী মুহূৰ্তবোৰ কেতিয়াও দেখা নাপালোহেঁতেন । আজি ইয়াত এই তিনিজন মহান ব্যক্তিত্ব থকাটো সঁচাকৈয়ে মুম্বাই, মুম্বাইবাসী আৰু ভাৰতৰ বাবে এক সোণালী মুহূৰ্ত ।”

লগতে পঢ়ক : হাৰ্দিক পাণ্ডিয়াই ৰচিলে ইতিহাস, এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন অল-ৰাউণ্ডাৰ

ৰণক্ষেত্ৰলৈ পৰিণত হ’ল খেলপথাৰ, ফুটবল সম্ৰাটক চাবলৈ নাপায় অনুৰাগীৰ তাণ্ডৱ

বৰ্তমান ভাৰত ভ্ৰমণত আছে ফুটবল সম্ৰাট লিয়নেল মেছি । আজি কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত খেলুৱৈগৰাকী উপস্থিত আছিল যদিও এই অনুষ্ঠানত এক অনাহূক পৰিস্থিতিৰ সৃষ্টি হয় ।

কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি, ফুটবল সম্ৰাট লিয়নেল মেছিৰ অনুষ্ঠানত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ক্ষুব্ধ অনুৰাগীয়ে ভাঙি লণ্ডভণ্ড কৰে ষ্টেডিয়াম । এই ঘটনাৰ কেইবাটাও ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । অনুৰাগীৰ ক্ষোভ ইমানেই তীব্ৰ আছিল যে সমগ্ৰ ষ্টেডিয়ামখন ধ্বংস কৰি পেলায় । ইফালে কলকাতা আৰক্ষীয়ে প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ কৰি অনুষ্ঠানৰ মূল আয়োজকক গ্ৰেপ্তাৰ কৰিছে ।

অনুষ্ঠানৰ মূল আয়োজকক গ্ৰেপ্তাৰ-

ফুটবল সম্ৰাট মেছিৰ অনুষ্ঠানত হোৱা বিশৃংখলতা সন্দৰ্ভত আইন আৰু শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জাভেদ ছামিমে কয় যে, “এতিয়া পৰিস্থিতি স্বাভাৱিক । তদন্তৰ দ্বিতীয় পৰ্যায় চলি আছে । এজাহাৰ দাখিল কৰা হৈছে আৰু মূল আয়োজকক গ্ৰেপ্তাৰ কৰা হৈছে । আয়োজকসকলে ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে (অনুৰাগীসকলক টিকটৰ মাচুল) ।”

এই ঘটনা ছল্ট লেক ষ্টেডিয়ামতে আবদ্ধ হৈ থাকেঃ কলকাতা আৰক্ষী

জাভেদ ছামিমে আৰু কয়, “অনতিপলমে শান্তি ঘূৰাই আনিব লাগিব । ইয়াৰ যত্ন লোৱা হৈছে । যাতায়ত স্বাভাৱিক হৈ আছে । সকলোৱে নিজৰ ঘৰলৈ উভতি গৈছে । এই ঘটনাটো ছল্ট লেক ষ্টেডিয়ামতে আবদ্ধ হৈ আছে । এইটো এটা ডাঙৰ ঘটনা । আমি এই বিষয়টো সক্ৰিয়ভাৱে তদন্ত কৰি আছো আৰু আজি ছল্ট লেক ষ্টেডিয়ামত যিটো ঘটিল তাৰ বাবে দায়বদ্ধসকলক শাস্তি দিয়াটো নিশ্চিত কৰিম আৰু সংশ্লিষ্টৰ বিৰুদ্ধে সকলো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।”

ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে কমিটী-

ইয়াৰ পূৰ্বে পশ্চিম বংগৰ ডিজিপি ৰাজীৱ কুমাৰে উল্লেখ কৰিছিল যে অনুৰাগীসকলৰ মাজত কিছু ক্ষোভ বা উদ্বেগ আছে কাৰণ তেওঁলোকে মেছি গুছি যোৱা বুলি অভিযোগ কৰিছিল । পৰিকল্পনা আছিল যে তেওঁ আহি হাত জোকাৰি দুই এজনক লগ পাব, তাৰ পিছত গুচি যাব । এতিয়া চৰকাৰে এখন কমিটী গঠন কৰি আয়োজকৰ ফালৰ পৰা কিবা অন্যায় কৰা হৈছে নে নাই সেইকে ধৰি সকলো দিশৰ তদন্ত কৰিব । উদ্যোক্তাসকলে সংশ্লিষ্ট পক্ষক লিখিত আশ্বাস দিছে যে তেওঁলোকে বিক্ৰী হোৱা টিকটৰ ধন ঘূৰাই দিব । পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে ।

কি হৈছিল ?

উল্লেখ্য যে, ফুটবল সম্ৰাট লিয়নেল মেছিয়ে “GOAT India Tour 2025″ৰ প্ৰথম কাৰ্যসূচীৰ বাবে কলকাতাত উপস্থিত হয় । শনিবাৰে তেওঁ ছল্ট লেক ষ্টেডিয়াম ভ্ৰমণ কৰাৰ কথা আছিল । অৱশ্যে তাত তেওঁক দেখা নাপায় অনুৰাগীসকল হতাশ হৈ পৰে । ইয়াৰ পিছতে সমগ্ৰ ষ্টেডিয়ামতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় । অনুৰাগীয়ে মেছিক চাবলৈ নাপায় তাণ্ডৱ সৃষ্টি কৰে । মেছিয়ে মাত্ৰ ১০ মিনিট সময়হে তাত থাকে । মুঠতে চিটি অৱ জয়ৰ ফুটবল অনুৰাগীৰ বাবে যিটো দিন স্মৰণীয় হ’ব লাগিছিল, সেয়া দুঃস্বপ্নলৈ পৰিণত হ’ল ।

ফুটবল সম্ৰাটগৰাকী টিউনেলৰ পৰা ওলাই অহাৰ কিছু মুহূৰ্তৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় । এই বিশেষ অনুষ্ঠানৰ বাবে কলকাতালৈ অহা বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ লগতে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও বিশৃংখলতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে, কিয়নো অনুষ্ঠানটো সামৰিব লগা হয় । পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে “GOAT Tour”ৰ আয়োজক তথা প্ৰমোটাৰ শতদ্ৰু দত্তই নিৰাপত্তাৰক্ষীৰ সৈতে মেছিক লৈ যাব লগা হৈছিল ।

লগতে পঢ়ক : ডুবাইত বৈভৱ সূৰ্য্যবংশীৰ বেটিং ধুমুহা; নতুন ইতিহাস সৃষ্টি

১৪ বছৰৰ পিছত ভাৰতলৈ আহি আছে ‘ফুটবল সম্ৰাট’ লিয়নেল মেছি…

ভাৰতলৈ আহি আছে ‘ফুটবল সম্ৰাট’ লিয়নেল মেছি…

আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়নেল মেছিয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ‘GOAT (Greatest Player of All Time) Tour India 2025’ত তেওঁৰ অংশগ্ৰহণ নিশ্চিত কৰিছে।

তেওঁ ভাৰতক ‘ফুটবলৰ প্ৰতি আকৰ্ষিত দেশ’ বুলি অভিহিত কৰি কয় যে,আকৌ ইয়ালৈ অহাটো তেওঁৰ বাবে এক সন্মানৰ কথা।

মেছিয়ে শেষবাৰৰ বাবে ২০১১ চনত ভাৰতত খেলিছিল,যেতিয়া তেওঁ ছল্ট লেক ষ্টেডিয়ামত ভেনিজুৱেলাৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ অধিনায়কত্ব কৰিছিল।

মেছিয়ে কয়, ‘ভাৰত মোৰ বাবে অতি বিশেষ দেশ।১৪ বছৰ আগতে ইয়াত কটোৱা মুহূৰ্তবোৰৰ মৰমলগা স্মৃতিবোৰ এতিয়াও সতেজ হৈ আছে।অনুৰাগীৰ উৎসাহ আচৰিত আছিল”।

১৩ ডিচেম্বৰৰ পৰা কলকাতাৰ পৰা আৰম্ভ হ’ব মেছিৰ চাৰিদিনীয়া ভ্ৰমণ।ইয়াৰ পিছত তেওঁ আহমেদাবাদ, মুম্বাই আৰু নতুন দিল্লীলৈ যাব।তাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফুটবলাৰ গৰাকীয়ে সাক্ষা কৰাৰ পিছতেই এই ভ্ৰমণৰ অন্ত পৰিব।

 কলকাতাত তেওঁৰ অনুষ্ঠান আইকনিক ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, য’ত তেওঁ  ‘GOAT কনচাৰ্ট’ আৰু  ‘GOAT কাপ’ৰ অনুষ্ঠানত অংশ ল’ব।

সৌৰভ গাংগুলী, বাইচুং ভুটিয়া আৰু লিয়াণ্ডাৰ পেইছৰ দৰে ভাৰতীয় কিংবদন্তি খেলুৱৈয়েও এই মেচত মেছিৰ সৈতে খেলপথাৰ ভাগ কৰিব।

লগতে পঢ়ক: আই চি চি টি-২০ ৰেংকিং : সৰ্বোচ্চ ৰেটিঙেৰে অভিষেক শৰ্মাৰ অগ্ৰগতি, বৰুণ চক্ৰৱৰ্তীৰো আধিপত্য

লিয়নেল মেছিৰ ডাঙৰ ঘোষণা; আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ ইংগিত!

লিয়নেল মেছিৰ ডাঙৰ ঘোষণা

ফুটবলৰ অন্যতম ডাঙৰ তাৰকা লিয়নেল মেছিয়ে আৰ্জেণ্টিনাৰ সৈতে তেওঁৰ যাত্ৰা শেষ পৰ্যায়ত উপনীত হোৱাৰ এটা ডাঙৰ ইংগিত দিছে।

এটা সাক্ষাৎকাৰত ৩৮ বছৰীয়া মেছিয়ে কয় যে ৪ ছেপ্টেম্বৰত বুয়েনছ আয়াৰ্ছত ভেনিজুৱেলাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ কোৱালিফায়াৰ হয়টো তেওঁৰ অন্তিমখন ঘৰুৱা খেল হ’ব।

ইতিমধ্যে আৰ্জেণ্টিনাই ২০২৬ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু ৩৫ পইণ্টৰ সৈতে দক্ষিণ আমেৰিকাৰ টেবুলৰ শীৰ্ষত আছে।

কিন্তু মেছিৰ বাবে বুয়েনছ আয়াৰ্ছৰ এষ্টাডিঅ’ মনুমেণ্টেলত অনুষ্ঠিত হ’বলগীয়া এই মেচখন কেৱল এখন প্ৰতিযোগিতা নহয়,বৰঞ্চ এইটো তেওঁৰ বাবে অতি আৱেগিক মুহূৰ্ত হ’ব।

লীগ কাপৰ ছেমি ফাইনেলত ইণ্টাৰ মিয়ামীয়ে অৰলেণ্ডো চিটিক পৰাস্ত কৰাৰ পিছত মেছিয়ে কয় -এইটো মোৰ বাবে বিশেষ হ’ব,অতি বিশেষ মেচ হ’ব, কাৰণ এইখন মোৰ শেষ কোৱালিফায়াৰ খেল।

মই নাজানো ইয়াৰ পিছত কোনো প্ৰীতি বা অন্যান্য মেচ হ’ব নে নাই…কিন্তু হয়, এই মেচখন মোৰ বাবে অতি বিশেষ আৰু সেইবাবেই মোৰ গোটেই পৰিয়ালটো মোৰ লগত থাকিব।

মোৰ পত্নী, মোৰ সন্তান, মোৰ মা-দেউতা, মোৰ ভাই-ভনী আৰু মোৰ পত্নীৰ ফালৰ পৰা যিমান পাৰি সিমান আত্মীয়।ইয়াৰ পিছত কি হ’ব নাজানো, কিন্তু বৰ্তমান এইটোৱেই আমাৰ কেন্দ্ৰবিন্দু।

বিশ্বকাপৰ কোৱালিফায়াৰত মেছিয়ে ১৯৩খন খেল খেলিছে আৰু ৩১টা গ’ল কৰি অভিলেখ সৃষ্টি কৰিছে ।এই সময়ছোৱাত তেওঁ আৰ্জেণ্টিনাৰ হৈও বহু স্মৰণীয় প্ৰদৰ্শন আগবঢ়াইছিল।

লগতে পঢ়ক: ‘দেউতাৰ কথা শুনিব লাগিব…’; অভিষেক মেচৰ পাছতে আৰ্যবীৰ ছেহৱাগৰ মন্তব্য