ভাৰতলৈ আহি আছে ‘ফুটবল সম্ৰাট’ লিয়নেল মেছি…
আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়নেল মেছিয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ‘GOAT (Greatest Player of All Time) Tour India 2025’ত তেওঁৰ অংশগ্ৰহণ নিশ্চিত কৰিছে।
তেওঁ ভাৰতক ‘ফুটবলৰ প্ৰতি আকৰ্ষিত দেশ’ বুলি অভিহিত কৰি কয় যে,আকৌ ইয়ালৈ অহাটো তেওঁৰ বাবে এক সন্মানৰ কথা।
মেছিয়ে শেষবাৰৰ বাবে ২০১১ চনত ভাৰতত খেলিছিল,যেতিয়া তেওঁ ছল্ট লেক ষ্টেডিয়ামত ভেনিজুৱেলাৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ অধিনায়কত্ব কৰিছিল।
মেছিয়ে কয়, ‘ভাৰত মোৰ বাবে অতি বিশেষ দেশ।১৪ বছৰ আগতে ইয়াত কটোৱা মুহূৰ্তবোৰৰ মৰমলগা স্মৃতিবোৰ এতিয়াও সতেজ হৈ আছে।অনুৰাগীৰ উৎসাহ আচৰিত আছিল”।
১৩ ডিচেম্বৰৰ পৰা কলকাতাৰ পৰা আৰম্ভ হ’ব মেছিৰ চাৰিদিনীয়া ভ্ৰমণ।ইয়াৰ পিছত তেওঁ আহমেদাবাদ, মুম্বাই আৰু নতুন দিল্লীলৈ যাব।তাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফুটবলাৰ গৰাকীয়ে সাক্ষা কৰাৰ পিছতেই এই ভ্ৰমণৰ অন্ত পৰিব।
কলকাতাত তেওঁৰ অনুষ্ঠান আইকনিক ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, য’ত তেওঁ ‘GOAT কনচাৰ্ট’ আৰু ‘GOAT কাপ’ৰ অনুষ্ঠানত অংশ ল’ব।
সৌৰভ গাংগুলী, বাইচুং ভুটিয়া আৰু লিয়াণ্ডাৰ পেইছৰ দৰে ভাৰতীয় কিংবদন্তি খেলুৱৈয়েও এই মেচত মেছিৰ সৈতে খেলপথাৰ ভাগ কৰিব।
লগতে পঢ়ক: আই চি চি টি-২০ ৰেংকিং : সৰ্বোচ্চ ৰেটিঙেৰে অভিষেক শৰ্মাৰ অগ্ৰগতি, বৰুণ চক্ৰৱৰ্তীৰো আধিপত্য









