ভাৰতীয় জীৱন বীমা নিগম
ভাৰতীয় জীৱন বীমা নিগমৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছে । ২৪ ঘন্টাত ৫,৮৮,১০৭ টা জীৱন বীমা পলিচি কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছে এল আই চিয়ে ।
এই কৃতিত্ব সন্দৰ্ভত ভাৰতীয় জীৱন বীমা নিগমে এক বিবৃতি প্ৰকাশ কৰে । নিগমে কয় যে চলিত বৰ্ষৰ ২৪ জানুৱাৰীত ২৪ ঘণ্টাত সমগ্ৰ দেশৰ ৪,৫২,৮৩৯ জন এল আই চি এজেণ্টে একেলগে মুঠ ৫,৮৮,১০৭ টা জীৱন বীমা পলিচি কৰিছে যিটো বিশ্ব অভিলেখ । এই কৃতিত্ব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছে ।
এল আই চিৰ এক বিবৃতিত কোৱা হৈছে যে এয়া আমাৰ এজেণ্টসকলৰ নিষ্ঠা, দক্ষতা আৰু অক্লান্ত কৰ্মৰ প্ৰমাণ । এই উল্লেখযোগ্য প্ৰচেষ্টাই মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে জীৱন বীমা উদ্যোগত এক নতুন বিশ্বব্যাপী মাপকাঠী স্থাপন কৰে । এই কৃতিত্বই আমাৰ গ্ৰাহক আৰু তেওঁলোকৰ পৰিয়ালক গুৰুত্বপূৰ্ণ আৰ্থিক সুৰক্ষা প্ৰদানৰ আমাৰ মিছনৰ প্ৰতি আমাৰ গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে ।
মেড মিলিয়ন ডে’ত এই উদ্যোগ-
এই অভিলেখ প্ৰচেষ্টা এল আই চিৰ এম ডি আৰু চি ই অ’ সিদ্ধাৰ্থ মহান্তিৰ উদ্যোগৰ ফল । য’ত তেওঁ ২০২৫ চনৰ ২০ জানুৱাৰীত ‘মেড মিলিয়ন ডে’ত অন্ততঃ এটা পলিচি সম্পূৰ্ণ কৰিবলৈ প্ৰতিজন এজেণ্টক আহ্বান জনায় । এই সফলতাৰ পিছত মহান্তিয়ে ‘মেড মিলিয়ন ডে’ক ঐতিহাসিক কৰি তোলাৰ বাবে সকলো গ্ৰাহক, এজেণ্ট আৰু কৰ্মচাৰীক ধন্যবাদ জনায় ।
লগতে পঢ়ক : ৩০ কোটিৰ ঘৰ, বিলাসী গাড়ী সংগ্ৰহ… দুশ কোটিতকৈয়ো অধিক হিটমেন ৰোহিত শৰ্মাৰ মুঠ সম্পত্তি