২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি হত্যা কৰিছিল নিৰীহ ভাৰতীয় পৰ্যটকক । এই সন্ত্ৰাসবাদী আক্ৰমণত বহু মহিলাই নিজৰ স্বামীক চিৰদিনৰ বাবে হেৰুৱাই । এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতে ১৫ দিন পিছত নিখুঁত আক্ৰমণৰ জৰিয়তে পাকিস্তান অধিকৃত কাশ্মীৰত (POK) ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এই অভিযানৰ নাম ‘অপাৰেচন সিন্দুৰ’ ৰাখিছে । এয়া সেইসকল মহিলাৰ প্ৰতীক, যিসকলে সন্ত্ৰাসবাদী আক্ৰমণত নিজৰ স্বামী হেৰুৱাইছিল ।
ধৰ্ম সুধি ২৬ গৰাকী পৰ্যটকক গুলীয়াই হত্যা-
উল্লেখ্য যে ২২ এপ্ৰিলত পহলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰি নিৰীহ পৰ্যটকক হত্যা কৰিছিল । এই আক্ৰমণত ২৫ জন ভাৰতীয় আৰু এজন নেপালৰ যুৱক নিহত হয় । আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্ম সুধি কেৱল পুৰুষকহে হত্যা কৰিছিল । এই আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত আছিল । পাকিস্তানক পাঠ শিকাবলৈ ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পৰা আৰম্ভ কৰি পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰালৈকে কেইবাটাও বাধা আৰোপ কৰিছিল । এই আক্ৰমণক বিশ্ব পৰ্যায়তো গৰিহণা দিয়া হৈছিল ।
সীমান্তত বায়ুসেনাৰ অনুশীলনৰ বাবে প্ৰস্তুতি-
ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছে যেতিয়া ভাৰতীয় বায়ুসেনাই ইতিমধ্যে পাকিস্তান সীমান্তত পহলগামৰ দোষী আৰু ষড়যন্ত্ৰকাৰীক শিক্ষা দিবলৈ এক বৃহৎ যুদ্ধ অনুশীলন কৰিবলৈ ওলাইছে । ইয়াত ৰাফেল, মিৰাজ-২০০০, তেজছ আৰু চুখই-৩০ৰ দৰে সকলো ফ্ৰণ্টলাইন যুদ্ধ বিমান অন্তৰ্ভুক্ত হ’ব । একে সময়তে আজি দেশৰ ২৫৯খন স্পৰ্শকাতৰ জিলাত অসামৰিক নিৰাপত্তা পৰীক্ষাৰ বাবে মক ড্ৰিল অনুষ্ঠিত কৰা হ’ব ।
স্থল আৰু আকাশত শত্ৰুৰ লক্ষ্য ধ্বংস কৰাৰ ক্ষমতা পৰীক্ষা কৰিব বায়ুসেনাই-
বায়ুসেনাৰ এই অনুশীলনত এৱাকছৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও জড়িত হ’ব । এই সময়ছোৱাত বায়ুসেনাই স্থল আৰু আকাশত শত্ৰুৰ লক্ষ্য ধ্বংস কৰাৰ ক্ষমতা পৰীক্ষা কৰিব । কেন্দ্ৰীয় চৰকাৰে সীমান্ত অনুশীলনৰ বাবে এয়াৰমেনলৈ জাননী (NOTEM) জাৰি কৰিছে । কোনো বিশেষ অঞ্চলত বিমান চলাচলৰ সন্দৰ্ভত সাৱধানতা অৱলম্বন কৰিবলৈ এই জাননী জাৰি কৰা হৈছে ।
অনুশীলনৰ সময়ত যাত্ৰীবাহী বিমান চলাচল নিষিদ্ধ-
নোটামৰ তথ্য অনুসৰি আজি বিয়লি ৩:৩০ বজাৰ পৰা ৮ মে’ৰ নিশা ৯:৩০ বজালৈ চলিব বায়ুসেনাৰ অনুশীলন । এই সময়ছোৱাত যাত্ৰীবাহী বিমান চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হ’ব । ভাৰতীয় বায়ুসেনাৰ যুদ্ধ প্ৰস্তুতিৰ অংশ হিচাপে যুদ্ধ বিমান, চোৰাংচোৱা বিমান আৰু অন্যান্য আকাশী অভিযান মোতায়েনকে ধৰি বিভিন্ন কাৰ্যকলাপৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই আকাশমাৰ্গ নিষেধাজ্ঞাৰ ব্যৱস্থা কৰা হৈছে ।