যদি আপুনি নিজকে সুস্থ আৰু ফিট কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস ভাল হোৱাটো গুৰুত্বপূৰ্ণ।
খাদ্যাভ্যাসত কিছু ডাঙৰ পৰিৱৰ্তন কৰি আপুনি এটা সুস্থ শৰীৰ লাভ কৰিব পাৰে।উদাহৰণস্বৰূপে, ৰাতিপুৱা যদি আপোনাৰ খাদ্য তালিকাত আমলখিৰ ৰস অন্তৰ্ভুক্ত কৰে তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰ হ’ব।আহক, আমলাৰ ৰস খোৱাৰ উপকাৰিতা আৰু ঘৰতে কেনেকৈ বনাব পাৰি জানো আহক
আমলখি ৰসৰ উপকৰণ:
২ টা আমলখি, আধা চামুচ জিৰা, ৪ৰ পৰা ৫ টা জালুক , ২ টা লং, আদাৰ টুকুৰা, ৰুচি অনুসৰি নিমখ
কেনদৰে প্ৰস্তুত কৰিব আমলখিৰ জুইচ
আমলখিৰ জুইচ বনাবলৈ প্ৰথমে দুটা আমলখি লৈ ভালদৰে ধুই ল’ব।আমলখি খিনিৰ গুটিবোৰ পেলাই দিব।এতিয়া মিক্সাৰত আমলখিৰ খিনি, আধা চামুচ জিৰা, ৪ৰ পৰা ৫ টা জালুক, ২ টা লং আৰু আদা এটুকুৰা মিক্সাৰত দি আধা গিলাচ পানী দি ভালদৰে গুড়ি কৰি লওক।
গুড়ি হ’লে আমলখিৰ ৰসখিনি ভালদৰে চেকি ল’ব।বাকী থকা আমলখিৰ ৰসত আৰু এগিলাচ পানী দি পুনৰ চেকি লওক।এতিয়া তাত ৰুচি অনুসৰি নিমখ দিব। আমলখিৰ ৰস সাজু হৈছে। প্ৰতিদিনে ৰাতিপুৱা এইটো খাব পাৰে।
আমলখি জুইচ খোৱাৰ উপকাৰিতা
আমলখিৰ ৰসে বহুতো স্বাস্থ্য উপকাৰীতা প্ৰদান কৰে।আমলখিৰ ৰসত থকা ভিটামিন চিৰ অধিক পৰিমাণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।
আমলখিৰ ৰসে কোষ্ঠকাঠিন্য ৰোধ কৰি পাচনত সহায় কৰে।আমলখিৰ ৰসত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে,বয়স বৃদ্ধিৰ লক্ষণ কমোৱাত সহায় কৰিব পাৰে আৰু চুলি শক্তিশালী কৰিব পাৰে।
কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে আমলখিৰ ৰসে হাইপ’গ্লাইচেমিক প্ৰভাৱ পেলাব পাৰে।
(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে। কোনো খাদ্যৰ পৰিৱৰ্তন কৰাৰ আগতে বা যিকোনো ৰোগৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)