দেশৰ কোনগৰাকী মুখ্যমন্ত্ৰীৰ হাতত কিমান ধন আছে
ভাৰতৰ ২৭খন ৰাজ্যিক বিধানসভা আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীসকলৰ মুঠ সম্পত্তিৰ মূল্য ১৬৩২ কোটি টকা । লগতে ২ জন মুখ্যমন্ত্ৰী কোটিপতি । সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ ৩০ জন মুখ্যমন্ত্ৰীৰ হাতত কিমান সম্পত্তি আছে জানেনে ? দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন ? সমগ্ৰ দেশৰ ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্তমানৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীয়ে দিয়া শপতনামাৰ ভিত্তিত প্ৰস্তুত কৰা শেহতীয়া প্ৰতিবেদনত এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এ ডি আৰ) আৰু নেশ্যনেল ইলেকচন ৱাচে বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে ।
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী-
এ ডি আৰে শেহতীয়া প্রতিবেদনত ‘ভাৰতৰ ২৭খন ৰাজ্যিক বিধানসভা আৰু ৩খন কেন্দ্রীয় শাসিত অঞ্চলৰ বর্তমান মুখ্যমন্ত্রীৰ বিশ্লেষণ ২০২৫’ত প্রকাশ কৰিছে যে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু ৯৩১ কোটিতকৈও অধিক সম্পত্তিৰে দেশৰ সর্বাধিক ধনী মুখ্যমন্ত্রী, আনহাতে অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খান্দু হৈছে দ্বিতীয় ধনী মুখ্যমন্ত্রী ৷ তেওঁৰ সম্পত্তিৰ মূল্য ৩৩২ কোটি টকা !
আটাইতকৈ কম সম্পত্তি থকা মুখ্যমন্ত্ৰী কোন ?
এ ডি আৰৰ মতে, এই তথ্য মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ বিগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে দাখিল কৰা শপতনামাৰ পৰা লোৱা হৈছে । সৰ্বাধিক ধনী মুখ্যমন্ত্ৰীৰ তালিকাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া ৫১ কোটি টকাৰ সম্পত্তিৰে তৃতীয় স্থানত আছে । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সম্পত্তিৰ মূল্য মাত্ৰ ১৫ লাখ টকা আৰু তেওঁ দেশৰ ভিতৰতে সৰ্বনিম্ন সম্পত্তি থকা মুখ্যমন্ত্ৰী ।
এ ডি আৰে নিজৰ বিশ্লেষণত বিচাৰি উলিয়াইছে যে ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ গড় সম্পদ ৫৪.৪২ কোটি টকা । এই ৩০ জন মুখ্যমন্ত্ৰীৰ ভিতৰত ২ জন (৭%) কোটিপতি, আনহাতে ৩০ জন মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি ১৬৩২ কোটি টকা ।
অপৰাধমূলক গোচৰ থকা মুখ্যমন্ত্ৰী-
ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১২ গৰাকীয়ে (৪০%) নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰিছে । আনহাতে ১০ গৰাকী (৩৩%) মুখ্যমন্ত্ৰীয়ে হত্যাৰ চেষ্টা, অপহৰণ, ঘোচ, অপৰাধমূলক ভাবুকি আদিৰ সৈতে জড়িত গোচৰকে ধৰি গুৰুতৰ অপৰাধমূলক গোচৰ ঘোষণা কৰিছে ।
লগতে পঢ়ক : ‘বিহাৰ চাণক্য-চন্দ্ৰগুপ্তৰ ভূমি,সংকল্প অসাৰ নাযাব’;প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য