ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত শনিবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হোৱা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হয় । এই মেচখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছিল । টছত জয়লাভ কৰাৰ পাছত পঞ্জাবে প্ৰথমে বেটিং কৰি প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসীমৰণৰ বিস্ফোৰক বেটিঙৰ সহায়ত ২০১ ৰান সংগ্ৰহ কৰে । কিন্তু কলকাতাই বেটিং কৰিবলৈ ক্ৰীজত নমাৰ পিছতে প্ৰচণ্ড বতাহ-বৰষুণৰ বাবে মেচখনৰ এটা অভাৰহে খেলিব পৰা গ’ল । পৰৱৰ্তী সময়ত এই মেচখন বাতিল কৰিবলগীয়া হয় ।
পঞ্জাৱৰ বেটিং-
টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাব কিংছে এক সুন্দৰ আৰম্ভণি কৰে । প্ৰভসিমৰন সিং আৰু প্ৰিয়ংশ আৰ্য্যই আৰম্ভণিৰ পৰাই বিস্ফোৰক বেটিং কৰে । দুয়োৰে মাজত ১২০ ৰানৰ ডাঙৰ অংশীদাৰিত্ব আছিল । প্ৰিয়ংশ আৰ্য্যই ৩৫টা বলত ৬৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । ১২ নং অভাৰত ৰাছেলৰ বলত প্ৰিয়ংশৰ উইকেটৰ পতন ঘটে । আৰ্যই ৮টা চাৰি আৰু ৪টা ছয় কোবাই ।
একে সময়তে প্ৰভসীমৰণে সিঙেও বিস্ফোৰক বেটিং কৰে । তেওঁ ৩৮টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে । অৰ্ধ শতকৰ পাছত তেওঁ বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৪৯টা বলত ৮৩ ৰান সংগ্ৰহ কৰে । ১৫ নং অভাৰত তেওঁৰ উইকেটৰ পতন ঘটে । ইয়াৰ পিছতে ক্ৰীজলৈ আহে গ্লেন মেক্সৱেল । কিন্তু বৰুণ চক্ৰৱৰ্তীয়ে তেওঁক কম সময়ৰ ভিতৰতে পেভিলিয়নৰ বাট দেখুৱাই । তেওঁৰ বেটৰ পৰা মাত্ৰ ৮ ৰানহে আহে । প্ৰথমে বেটিং কৰি পঞ্জাবে ২০ অভাৰত কলকাতাৰ বাবে ২০২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।
ইয়াৰ পিছতে কলকাতাৰ হৈ লক্ষ্য অনুসৰণ কৰি অ’পেনাৰ সুনীল নাৰিন আৰু গুৰবাজ ক্ৰীজত নামিছিল যদিও মাত্ৰ এটা অভাৰ খেলাৰ পিছতে প্ৰচণ্ড বৰষুণ হ’বলৈ আৰম্ভ কৰে । এই অভাৰত কলকাতাই কোনো উইকেট নেহেৰুৱাকৈ ৭ ৰান সংগ্ৰহ কৰে । শেষত বৰষুণৰ বাবে মেচখন বাতিল কৰিবলগীয়া হয় । ফলত দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰি সন্তুষ্ট হ’বলগীয়া হয় ।
পইন্ট তালিকাৰ অৱস্থা-
খেলখন বাতিল হোৱাৰ পিছত দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰে । ইয়াৰ ফলত পঞ্জাৱ দল লাভৱান হয় আৰু এতিয়া মুম্বাইক অতিক্ৰম কৰি দলটো চতুৰ্থ স্থানত উপনীত হৈছে । পঞ্জাৱ দলে এতিয়া ৯খন মেচৰ পৰা ১১ পইণ্ট লাভ কৰিছে । আনহাতে কলকাতা দলে এতিয়ালৈকে ৯খন মেচৰ পৰা ৭ পইণ্ট লাভ কৰি সপ্তম স্থানত আছে । উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছে ৯খন মেচৰ পৰা ১০ পইণ্ট লাভ কৰি এতিয়া পঞ্চম স্থানত আছে ।