কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা !
কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ! শনিবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত এক বৃহৎ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰে এখন হেলিকপ্তাৰ । কাৰিকৰী বিজুতিৰ বাবে হেৰিকপ্তাৰখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । এই জৰুৰীকালীন অৱতৰণ ৰাষ্ট্ৰীয় ঘাইপথত কৰা হয় । জানিব পৰা মতে এই হেলিকপ্টাৰখনে বদাছু হেলিপেডৰ পৰা কেদাৰনাথলৈ উৰা মাৰিছিল । বিমানখনত পাইলটকে ধৰি মুঠ ৬জন লোক আছিল । এই দুৰ্ঘটনাত পাইলটজন সামান্য আঘাতপ্ৰাপ্ত হৈছে । আনহাতে বাকী সকলো মানুহ সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে ।
উল্লেখ্য যে যোৱা মাহত কেদাৰনাথত অৱতৰণ কৰাৰ সময়তে হেলিকপ্টাৰ এখনৰ পিছফালৰ অংশ ভাঙি গৈছিল । সৌভাগ্যক্ৰমে হেলিকপ্টাৰখনত থকা যাত্ৰীসকলৰ কোনো ক্ষতি হোৱা নাছিল । সকলো সম্পূৰ্ণ নিৰাপদে আছিল । তথ্য অনুসৰি জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হোৱা হেলিকপ্টাৰখন ঋষিকেশ এইমছৰ আছিল, যিয়ে এজন ৰোগীক নিবলৈ কেদাৰনাথত উপস্থিত হৈছিল । কিন্তু হেলিপেডৰ প্ৰায় ২০ কিলোমিটাৰ পূৰ্বে হেলিকপ্তাৰখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়, সেই সময়ত ই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাগৰি পৰে আৰু পিছফালৰ অংশ ভাঙি যায় ।
লগতে পঢ়ক : সৌভাগ্যক্ৰমে ৰক্ষা পৰিল তেজস্বী যাদৱ; নিয়ন্ত্ৰণ হেৰুৱাই কনভয়ত খুন্দা ট্ৰাকৰ