চলন্ত ৰে’লৰ পৰা জপিয়ালে বলীউডৰ অভিনেত্ৰী কৰিশ্মা শৰ্মাই
‘ৰাগিনী এম এম এছ ৰিটাৰ্নছ’ আৰু ‘প্যাৰ কা পঞ্চনামা’ৰ দৰে ছবিত অভিনয় কৰা অভিনেত্ৰী কৰিশ্মা শৰ্মাৰ লগত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
এই ঘটনাটোৰ বিষয়ে তেওঁ নিজেই ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে সকলোকে জনাইছে। অভিনেত্ৰীগৰাকীয়ে পোষ্টটোত কয় যে তেওঁ মুম্বাইৰ লকেল ৰে’লেৰে চাৰ্চগেটলৈ গৈছিল,কিন্তু ৰে’লখনত উঠাৰ লগে লগে তাৰ গতি বাঢ়ি আহিল আৰু তেওঁৰ বন্ধু-বান্ধৱীয়ে ৰে’লখনত উঠিব নোৱাৰিলে।
এই ভয়ৰ বাবেই অভিনেত্ৰী গৰাকীয়ে চলন্ত ৰে’লৰ পৰা জপিয়াই দিয়ে। যাৰ ফলত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।
এই সময়ত অভিনেত্ৰী কৰিশ্মা শৰ্মা চিকিৎসালয়ত ভৰ্তি হৈ আছে।ইনষ্টাগ্ৰামত এটা কাহিনী শ্বেয়াৰ কৰি অনুৰাগীসকলক তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে।
অভিনেত্ৰী কৰিশ্মাই ইনষ্টাগ্ৰামত এটা কাহিনী শ্বেয়াৰ কৰি লিখিছে,‘কালি চাৰ্চগেটত শ্বুটিং কৰিবলৈ গৈ থাকোঁতে শাৰী পিন্ধি ৰে’লখন ধৰাৰ সিদ্ধান্ত লৈছিলো।
ট্ৰেইনত উঠিবলৈ লোৱাৰ লগে লগে ট্ৰেইনৰ গতি বাঢ়িবলৈ ধৰিলে আৰু দেখিলো মোৰ লগৰবোৰে ট্ৰেইনখনত উঠিব পৰা নাই।সেই ভয়তে মই জপিয়াই দিলো আৰু পিঠি দি পৰিলোঁ,যাৰ ফলত মই মূৰত গুৰুতৰভাৱে আঘাত পালোঁ।
মই কালিৰে পৰা কষ্টত আছো,কিন্তু মই মজবুত হৈ আছো। অনুগ্ৰহ কৰি মোৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি আপোনাৰ মৰম প্ৰেৰণ কৰক।
লগতে পঢ়ক: পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত শ্বাহৰুখ খানৰ: ১৫০০ বন্যাৰ্তৰ ল’লে দায়িত্ব