‘কান্তৰা অধ্যায় ১’ৰ নতুন পোষ্টাৰ
দক্ষিণৰ প্ৰবীণ অভিনেতা-পৰিচালক ঋষব শ্বেট্টীৰ ব্লকবাষ্টাৰ ছবি ‘কান্তৰা’ৰ প্ৰিক্যুৱেল ‘কান্তৰা চেপ্টাৰ-১’ ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে।প্ৰযোজকসকলে ছবিখনৰ পৰিচালক ঋষভৰ ৪১ সংখ্যক জন্মদিনত বিশেষ ভাবে শুভেচ্ছা জনায়।
সমগ্ৰ ভাৰতবৰ্ষতে চাঞ্চল্যৰ সৃষ্টি হোৱা ‘কান্তৰা’ ছবিখনৰ প্ৰিকুৱেল এই ছবিখন।প্ৰডাকচন হাউচ কোম্পানী হোম্বলে ফিল্মছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে, ‘য’ত কিংবদন্তি জন্ম হয় আৰু জংঘলৰ প্ৰতিধ্বনি শুনিবলৈ পাওঁ…কান্তৰা তেনে এক মাষ্টাৰপিছ, যিয়ে লাখ লাখ মানুহৰ হৃদয় চুই গ’ল।
এই কাহিনীৰ চালিকা শক্তি ঋষভ শেট্টীলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ।চলিত বৰ্ষৰ ২ অক্টোবৰত ছবিগৃহত মুক্তি পাব আটাইতকৈ প্ৰত্যাশিত প্ৰিক্যুৱেল ‘কান্তৰা অধ্যায় ১’।
ইয়াৰ লগতে ‘কান্তৰা অধ্যায় ১’ৰ নতুন পোষ্টাৰো মুকলি কৰা হৈছে, যিখন দেখিলে গাৰ নোম শিয়ৰী উঠিব। ঋষব শ্বেট্টীৰ লগতে ছবিখনত অভিনেত্ৰী সপ্তমী গৌড়া, কিশোৰ আৰু অচ্যুত কুমাৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।ছবিখনৰ কাহিনী কম্বলাৰ এজন চেম্পিয়ন আৰু এজন বন বিষয়াৰ মাজত হোৱা সংঘৰ্ষৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।
‘কান্তৰা: অধ্যায় ১’ কদম্ব বংশৰ ৰাজত্বকালৰ ওপৰত আধাৰিত।ইয়াৰ ৰচনা আৰু পৰিচালক ঋষব শ্বেট্টীয়ে কৰিছে, আনহাতে বিজয় কিৰাগান্দুৰে ইয়াৰ প্ৰযোজনা কৰিছে।ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ঋষভ আৰু জয়ৰাম।
লগতে পঢ়ক: ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ… এইবাৰ অভিনয় জগতত প্ৰৱেশৰ বাবে সাজু এইগৰাকী ক্ৰিকেটাৰ