কংগ্ৰেছক তীক্ষ্ণ সমালোচনা জে পি নড্ডাৰ
ৰাজ্যসভাত ‘অপাৰেচন সেন্দুৰ’ সন্দৰ্ভত বিশেষ আলোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী জে.পি নড্ডাই পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাত শিথিলতাৰ অভিযোগ উত্থাপন কৰে।
নড্ডাই কৈছিল যে, ২০০৫ ৰ দিল্লীৰ ধাৰাবাহিক বোমা বিস্ফোৰণ, ২০০৬ চনৰ বাৰাণসীৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২০০৬ চনত মুম্বাইৰ স্থানীয় ৰে’লত বোমা বিস্ফোৰণৰ পিছতো তেতিয়াৰ চৰকাৰে কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ নকৰিলে।
ভাষণত জে পি নড্ডাই কয়, “বিষয়টো হ’ল যে, তেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত সন্ত্ৰাসবাদ ব্যৱসায় আৰু পৰ্যটনৰ লগত একেলগে চলিল।”
তেওঁ ২০০৮ চনৰ জয়পুৰ বোমা বিস্ফোৰণৰ কথা উল্লেখ কৰি কংগ্ৰেছ চৰকাৰৰ তুষ্টিকৰণৰ সীমাক লৈও প্ৰশ্ন উত্থাপন কৰে।
নড্ডাই কয় যে ভাৰতীয় মুজাহিদীনে সংঘটিত কৰা এই বিস্ফোৰণৰ পিছতো ভাৰত আৰু পাকিস্তানে নিৰ্দিষ্ট আস্থা গঢ়ি তোলা ব্যৱস্থাৰ ওপৰত সহমতত উপনীত হয়।
তেওঁ কঠোৰ সুৰত কয় যে, “তেওঁলোকে আমাৰ ওপৰত গুলী চলাই থাকিল আৰু আমি তেওঁলোকক বিৰিয়ানী খুৱাই থাকিলো।”
নড্ডাই এইটোও অভিযোগ কৰে যে তেতিয়াৰ চৰকাৰে নিয়ন্ত্ৰণ ৰেখা(LOC) পাৰ হ’বলৈ “ট্ৰিপল-এণ্ট্ৰি পাৰ্মিট”ৰ অনুমতিও দিছিল, যিয়ে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশক উৎসাহিত কৰিছিল।