‘জলী এল এল বি ৩’ ৰ মোচন পোষ্টাৰত দেখা গ’ল দুগৰাকী জলী
‘জলি এল এল বি ৩’ৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল যিটো এতিয়া শীঘ্ৰেই সম্পূৰ্ণ হ’বলৈ গৈ আছে । অক্ষয় কুমাৰ আৰু আৰ্ছাদ ৱাৰ্ছীক পুনৰ একেলগে দেখি অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে । মোচন পোষ্টাৰ শ্বেয়াৰ কৰি নিৰ্মাতাসকলেও এই কৌতুহল বৃদ্ধি কৰিছে । পোষ্টাৰত ছবিখনৰ আভাস দেখা পোৱা গৈছে । উল্লেখ্য যে এয়া ছবিখনৰ প্ৰথম ৰূপ । যিটো প্ৰথমবাৰৰ বাবে শ্বেয়াৰ কৰিছে নিৰ্মাতাসকলে ।
ষ্টাৰ ষ্টুডিঅ’ই ইনষ্টাগ্ৰামত মুকলি কৰিছে এখন মোচন পোষ্টাৰ, য’ত অক্ষয় কুমাৰ আৰু আৰ্ছাদ ৱাৰ্ছীয়ে ইজনে সিজনৰ লগত এখন দুৱাৰৰ ভিতৰত সোমাবলৈ কাজিয়া কৰি থকা দেখা গৈছে । পোষ্টাৰখনত অক্ষয়ক সামান্য আক্ৰমণাত্মক মোডত দেখা গৈছে, আনহাতে আৰ্ছাদে হাতত আইনী কাগজ এখন লৈ থকা দেখা গৈছে । পোষ্টটোৰ কেপচনত নিৰ্মাতাই লিখিছে, “১৭২২ নম্বৰৰ গোচৰৰ আবেদন গ্ৰহণ কৰা হৈছে ! অধিবক্তা জলী (অক্ষয় কুমাৰ) আৰু অধিবক্তা জলী (আৰ্ছাদ ৱাৰ্ছি) উপস্থিত হওক ! কাইলৈ মুক্তি পাব ‘জলী এল এল বি ৩’ ছবিখনৰ টিজাৰ ।”
ইয়াৰ পূৰ্বে জলী এল এল বি ৩ৰ নিৰ্মাতাই ছবিখনৰ ফাৰ্ষ্ট লুক ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল, য’ত সৌৰভ শুক্লাই (জাজ সুন্দৰলাল ত্ৰিপাঠীৰ চৰিত্ৰত অভিনয় কৰা) জলী (অক্ষয় কুমাৰ আৰু আৰ্ছাদ ৱাৰ্ছী)ৰ সৈতে হাস্যৰসময়ী ধৰণেৰে নিজৰ সমস্যাৰ ভাগ-বতৰা কৰা দেখা গৈছিল ।
এই ছবিখনৰ পৰিচালনা সুভাষ কাপুৰৰ আৰু প্ৰযোজক আলোক জৈন আৰু অজিত আন্ধাৰেৰ । ইয়াৰ সহ-প্ৰযোজক নৰেন কুমাৰ আৰু ডিম্পল খাৰবান্দা । ১৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখনে ।
লগতে পঢ়ক : ‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি; সহায়ৰ বাবে আবেদন