লুকাই নাথাকিব কোনো প্ৰাকৃতিক দুৰ্যোগ
মানৱ ইতিহাসৰ আটাইতকৈ শক্তিশালী উপগ্ৰহ নিছাৰ (NISAR Mission) ২০২৫ চনৰ ৩০ জুলাইৰ সন্ধিয়া ৫:৪০ বজাত উৎক্ষেপণ কৰা হ’ব । শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব । এই উপগ্ৰহটো ভাৰতীয় মহাকাশ সংস্থা ইছৰো আৰু আমেৰিকান মহাকাশ সংস্থা নাছাই যৌথভাৱে নিৰ্মাণ কৰিছে । এই একক উপগ্ৰহটোৱে সমগ্ৰ বিশ্বতে সংঘটিত হোৱা যিকোনো ধৰণৰ দুৰ্যোগৰ তথ্য দিবলৈ সক্ষম ।
মহাকাশত নিয়োজিত হ’বলগীয়া এই উপগ্ৰহটোৱে ভূমিকম্প, ভূমিস্খলন, বনজুই, বৰষুণ, ঘূৰ্ণীবতাহ, হাৰিকেন, বিজুলী, আগ্নেয়গিৰিৰ বিস্ফোৰণ, টেকটনিক প্লেটৰ গতি… সকলোৰে ওপৰত চকু ৰাখিব । এই প্ৰাকৃতিক পৰিঘটনাবোৰ ঘটাৰ আগতেই ই সতৰ্ক কৰি দিব ।
উৎক্ষেপণৰ পিছত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰে (NISAR) আগন্তুক ভূমিকম্পৰ বিষয়ে সমগ্ৰ বিশ্বক অৱগত কৰিব । নিছাৰে চেণ্টিমিটাৰ স্তৰলৈকে টেকটনিক প্লেটৰ গতিবিধি ৰেকৰ্ড কৰিবলৈ সক্ষম হ’ব । কম বেছি পৰিমাণে ক’ত আৰু কেতিয়া ভূমিকম্প হ’ব পাৰে সেই কথা ক’ব এই উপগ্ৰহে । ই ১২ দিনত পৃথিৱীৰ এটা ৰাউণ্ড সম্পূৰ্ণ কৰিব ।
নিছাৰ উপগ্ৰহত থাকিব এটা বৃহৎ মূল বাছ, য’ত থাকিব বহুতো যন্ত্ৰ । ট্ৰেন্সপণ্ডাৰ, টেলিস্কোপ আৰু ৰাডাৰ ব্যৱস্থা থাকিব । তাৰ পৰা এটা বাহু ওলাই আহিব, তাৰ ওপৰত এটা চিলিণ্ডাৰ থাকিব । এই চিলিণ্ডাৰটো উৎক্ষেপণৰ কেইঘণ্টামান পিছত খোল খাব আৰু ইয়াৰ পৰা ডিচ এন্টেনাৰ দৰে এটা ডাঙৰ ছাতি ওলাই আহিব । এই ছাতিটোৱেই হৈছে কৃত্ৰিম এপাৰচাৰ ৰাডাৰ ।
প্ৰতি ১২ দিনৰ মূৰে মূৰে পৃথিৱীৰ নতুন প্ৰতিবেদন উপলব্ধ হ’ব-
নিছাৰৰ এপ্লিকেচন মুৰব্বী কেথলিন জ’নে কয় যে মাত্ৰ ১২ দিনৰ ভিতৰতে নিছাৰে দ্বিতীয়টো কক্ষপথ নিৰ্মাণ কৰিব । এই দিনৰ ব্যৱধানত পৃথিৱীৰ পৃষ্ঠত হোৱা পৰিৱৰ্তনৰ কথা গম পোৱা যাব । কোনখন দেশত কেনেধৰণৰ বতৰ আছে বা কেনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা আছে আমি সঠিকভাৱে জানিব পাৰিম ।
এই উপগ্ৰহটো GSLV-MK2 ৰকেট ব্যৱহাৰ কৰি উৎক্ষেপণ কৰা হ’ব । শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণ স্থানৰ পৰা এই উৎক্ষেপণ কৰা হ’ব । এই উপগ্ৰহ আৰু পেলোডসমূহ কেইবাবাৰো পৰীক্ষা কৰা হৈছে ।
কি কৰিব নিছাৰে ?
এই উপগ্ৰহটোৱে বিশ্বক প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিব । ই পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ । ইয়াক নিৰ্মাণ কৰিবলৈ ১০ হাজাৰ কোটি টকা খৰচ হৈছে । ইয়াৰ জৰিয়তে টৰ্নেডো, ধুমুহা, আগ্নেয়গিৰি, ভূমিকম্প, হিমবাহ গলি যোৱা, সাগৰীয় ধুমুহা, বনজুই, সাগৰৰ জলপৃষ্ঠ বৃদ্ধিকে ধৰি বহু দুৰ্যোগৰ সতৰ্কবাণী দিয়া হ’ব ।
মহাকাশত পৃথিৱীৰ চাৰিওফালে জমা হোৱা আৱৰ্জনা আৰু মহাকাশৰ পৰা পৃথিৱীলৈ অহা বিপদৰ তথ্যও নিছাৰে দি থাকিব ।
লগতে পঢ়ক : সূৰ্য্য নুমাই গ’লে অন্ত পৰিব নেকি সৌৰজগতৰ ? কি হ’ব পৃথিৱীৰ ?