হুছেইন চালামীৰ মৃত্যু
ইজৰাইলৰ আক্ৰমণত তচনচ হৈছে ইৰানৰ ৰাজধানী তেহৰান৷ইজৰাইলে পুৱতিনিশা ইৰাণৰ পাৰমাণৱিক স্থানক লক্ষ্য কৰি লৈছিল।
ইৰাণেও ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা আৰম্ভ কৰিছে, দুয়োখন দেশৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।দুয়োপক্ষৰ পৰা ধাৰাবাহিকভাৱে আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছে।
ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ মুৰব্বী হুছেইন চালামীৰ।এই আক্ৰমণত বহু জ্যেষ্ঠ সামৰিক বিষয়াক লক্ষ্য কৰি লোৱা হৈছিল।ইৰাণৰ ওপৰত হোৱা এই আক্ৰমণৰ নাম ইজৰাইলে ‘অপাৰেচন ৰাইজিং লায়ন’ বুলি অভিহিত কৰিছে।
ইৰাণৰ আক্ৰমণৰ পিছত ইজৰাইলে সম্ভাৱ্য ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।
এই আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দাবী কৰিছে যে পাৰমাণৱিক বোমা নিৰ্মাণত নিয়োজিত বিজ্ঞানীসকলৰো কেইবাজনৰো মৃত্যু হৈছে।
এই আক্ৰমণ এনে এটা সময়ত সংঘটিত হৈছে যেতিয়া তেহৰাণৰ দ্ৰুতগতিত বৃদ্ধি পোৱা পাৰমাণৱিক কাৰ্যসূচীক লৈ দুয়োখন দেশৰ মাজত উত্তেজনাই নতুন মাত্ৰাত উপনীত হৈছে।
আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ ব’ৰ্ড অৱ গভৰ্ণৰে বৃহস্পতিবাৰে ২০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ইৰানক গৰিহণা দিয়ে কাৰণ তেওঁলোকে নিজৰ পৰিদৰ্শকৰ লগত কাম কৰা নাই।
ইৰাণে তৎক্ষণাত ঘোষণা কৰে যে তেওঁলোকে দেশখনত তৃতীয়টো সমৃদ্ধি স্থান স্থাপন কৰিব আৰু কিছুমান চেণ্ট্ৰিফিউজৰ ঠাইত অধিক উন্নত চেণ্ট্ৰিফিউজ ব্যৱহাৰ কৰিব।
ইফালে ইৰাণ মিলিটাৰীয়ে নিজৰ অফিচিয়েল একাউণ্টৰ পৰা কয় যে ‘মনত ৰাখিব আমি যুদ্ধ আৰম্ভ কৰা নাছিলো’।ইৰাকৰ আকাশমাৰ্গ ব্যৱহাৰ কৰি ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰা বুলি কোৱা হৈছে।
ইজৰাইলৰ এই আক্ৰমণত ইৰাণৰ চীফ অফ জেনেৰেল ষ্টাফ মেজৰ জেনেৰেল মহম্মদ বাঘেৰী, আই আৰ জি চিৰ কমাণ্ডাৰ ইন চিফ হোছেইন চালামী, আই আৰ জি চিৰ মহাকাশ বাহিনীৰ অধিনায়ক তথা ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মুৰব্বী আমিৰ আলী হাজিজাদে, মহম্মদ ইছলামী আৰু অৰ্গেনাইজেচন অৱ ডিফেন্সিভ ইনোভেচন এণ্ড ৰিচাৰ্চৰ মুৰব্বী ব্ৰিগেডিয়াৰ জেনেৰেল ৰেজা মোজাফফাৰিনীৰ মৃত্যু হৈছে।
লগতে পঢ়ক: তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ; সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ