ড’নাল্ড ট্ৰাম্পক কৰিব পাৰে আক্ৰমণ
ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ খামেইনীৰ জ্যেষ্ঠ উপদেষ্টা জৱাদ লাৰিজানীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যা কৰাৰ ভাবুকি দিছে।
তেওঁ ক’লে যে এনেকুৱা হ’ব পাৰে, যেতিয়া ট্ৰাম্পে নিজৰ বিলাসী ঘৰ মাৰ-এ-লাগোত গা ধোৱাৰ সময়ত ৰ’দ লৈ থাকোতেই ঠিক সেই মুহূৰ্ততে তেওঁক গুলীয়াই হত্যা কৰা উচিত।
ইৰাণ ইণ্টাৰনেশ্যনেল ৱেবছাইটৰ মতে, তেওঁ কৈছিল যে, যেতিয়া তেওঁ ৰ’দত বহি থাকে, তেতিয়াই এখন সৰু ড্ৰোনে আক্ৰমণ কৰিব পাৰে। সেইটো বহু সহজ কথা। উল্লেখ্য যে, লাৰিজানীক আয়াতুল্লাহ খামেইনীৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়।
‘ব্লাড পেক্ট’ ৱেবছাইটত ধন সংগ্ৰহ
‘ব্লাড পেক্ট’ নামৰ এটা অনলাইন প্লেটফৰ্মৰ উন্মেষ ঘটা সময়তে এই বক্তব্য প্ৰকাশ কৰিছে, যিটো হৈছে খামেইনীক অপমান কৰি তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাসকলৰ বিৰুদ্ধে ‘প্ৰতিশোধ’ৰ বাবে ধন সংগ্ৰহ কৰা।
ৱেবছাইটটোৱে এতিয়ালৈকে ২৭ মিলিয়ন ডলাৰৰ ওপৰত ধন সংগ্ৰহ কৰা বুলি দাবী কৰিছে আৰু ১০ কোটি ডলাৰ লাভ কৰাৰ লক্ষ্য লৈছে।
ৱেবছাইটটোত প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে, ‘যিসকলে আল্লাহৰ শত্ৰুক ন্যায়ৰ ওচৰলৈ আনে আৰু যিসকলে খামেনেইৰ জীৱনৰ প্ৰতি ভাবুকি দিছিল, তেওঁলোকক আমি পুৰস্কৃত কৰিম।’
লগতে পঢ়ক: গুলীয়াই আত্মহত্যা প্ৰাক্তন পৰিবহণ মন্ত্ৰীৰ; মাত্ৰ কেইঘণ্টামান পূৰ্বে পদৰ পৰা কৰা হৈছিল বৰ্খাস্ত